নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত ন’ ৱৰ্ক ন’ পে’

বিশেষ বাৰ্তা, ২৭ জুনঃ মণিপুৰত চৰকাৰ আৰু নিৰাপত্তা সংস্থাৰ সকলো কঠোৰতাৰ মাজতো হিংসা বন্ধ হোৱা পৰিলক্ষিত হোৱা নাই। ভাৰতীয় সেনা আৰু খোদ চৰকাৰৰ মতে, পৰিস্থিতিৰ কোনো দৃশ্যমান উন্নতি হোৱা নাই। আনহাতে হিংসাৰ বাবে চৰকাৰী প্ৰতিষ্ঠানৰ কোনো কৰ্মচাৰী কামলৈ ঘূৰি অহা নাই। এতিয়া চৰকাৰ এনে লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰু ন’ ৱৰ্ক ন’ পে’ হুইপ জাৰি কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা কৰ্তব্যলৈ ঘূৰি নোযোৱা চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়া নহ’ব। যদি দৰমহা বিচাৰে, তেন্তে কামলৈ উভতি যাব লাগিব। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত কিমান কৰ্মচাৰীয়ে কামলৈ ঘূৰি আহে, সেয়া হ’ব লক্ষণীয়া। তথ্য অনুসৰি, এই সিদ্ধান্তই এক লাখতকৈ অধিক লোকক প্ৰভাৱিত কৰিব, কাৰণ হিংসা আৰম্ভ হোৱাৰ পিছৰে পৰা ইমানবোৰ লোক কৰ্মস্থলীলৈ ঘূৰি অহা নাই।

You might also like