নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটমণ্ডল, পাঠশালাৰ এমহীয়া শিশু নাট কৰ্মশালা

📌 সামাজিক নাট “ধর্মযুদ্ধ” মঞ্চস্থ
নিয়মীয়া বাৰ্তা,  ২৭ জুনঃ বৃহত্তৰ বজালীৰ শিশু নাটৰ বাটকটীয়া তথা পাঠশালাৰ অন্যতম অপেচাদাৰী নাট্যগোষ্ঠী “নাটমণ্ডল পাঠশালা”ই বিগত ২৭ বছৰৰ লেখিয়াকৈ এইবেলিও আয়োজন কৰিছে গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ৷ নাটমণ্ডলৰ পাঠশালাৰ কৃষ্ণনগৰস্থিত ব্ৰজনাথ শৰ্মা নাটঘৰত অহা ১ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হবলগীয়া এই এমহীয়া শিশু নাট কৰ্মশালাত অসমৰ বিভিন্ন নাট্য ব্যক্তিত্বই প্ৰশিক্ষক হিচাপে ভাগ লব বুলি নাটমণ্ডলৰ মুখ্য উদ্যোক্তা তথা বিশিষ্ট পৰিচালক নিতুল কুমাৰ মেধিয়ে জানিবলৈ দিছে৷ উল্লেখযোগ্য যে এই নাট কৰ্মশালাত ৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিদিনে আবেলি অনুষ্ঠিত হব লগা এই কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰতিবছৰৰ দৰে এইবেলিও শিশু নাট মঞ্চায়ন কৰা হব। এই নাট কৰ্মশালাত যোগদান কৰিব বিচৰাসকলে অহা ৩০ জুনৰ ভিতৰত পাঠশালাৰ কলেজ ৰোডত অৱস্থিত ৰূপম হোটেলৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰি কৰ্মশালাত অংশগ্রহণ কৰিবৰ বাবে আবেদন কৰিব পাৰিব নতুবা ৯৯৫৪৭৯৬২৪২/ ৯৩৬৫৬২৬১১৫/ ৯১০১৩৫৩৬২৩ ফোন নম্বৰত যোগাযোগ কৰিও সবিশেষ তথ্য লাভ কৰিব পাৰিব বুলি নাটমণ্ডল, পাঠশালাৰ তৰফৰ পৰা এক বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷ ইপিনে, বিষ্ণুৰাভা দিৱস উপলক্ষে নাটমণ্ডল, পাঠশালাই যোৱা ২০জুনত নাটমণ্ডলৰ ব্রজনাথ শৰ্মা নাটঘৰত নাট্য সম্রাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চত নিতুল কুমাৰ মেধিৰ ৰচনা পৰিচালনাৰে “ধর্মযুদ্ধ” নামৰ নাট এখন মঞ্চস্থ কৰে। ‘ধৰ্মযুদ্ধ’- প্ৰায় ডেৰঘণ্টা দৈৰ্ঘ্যৰ নাটখনত অভিনয় কৰিছিল ২০ এপ্ৰিলৰ পৰা নাটমণ্ডল, পাঠশালাৰ উদ্যোগত অনুষ্ঠিত নাট কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় ডেৰকুৰিৰো অধিক প্রশিক্ষার্থীয়ে৷ শৈলেন কাকতিৰ পোহৰ, কুমাৰ কিশোৰৰ ৰূপসজ্জা, হাৰুণ আলীৰ কলা নিৰ্দেশনা আৰু কৃষাণ জ্যোতি বৰুৱাৰ সংগীতে নাটখনৰ সফলতাত আগবঢ়াইছিল অন্যতম অৰিহণা৷

প্ৰেৰক কল্যাণ কলিতা

You might also like