২৭বাৰ বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষাত বহিও ব্যর্থ ধনকুবেৰ
বিশেষ বাৰ্তা, ২৮ জুনঃ চীনৰ এজন ধনকুবেৰে ২৭বাৰ বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষাত অৱতীর্ণ হৈও বিফল হৈছে৷ ৫৬ বছৰীয়া লিয়াং ছিয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, প্রৱেশ পৰীক্ষাত ৭৫০ নম্বৰৰ ভিতৰত তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে ৪২৪ ৷ অর্থাৎ চীনৰ যিকোনো বিশ্ববিদ্যালয়ত আবেদন কৰিবলৈ প্রয়োজনীয় আৰু ৩৪ নম্বৰ পাবলৈ লাগিছিল ছিক৷ বিগত ৪ দশকত বিভিন্ন সময়ত প্রৱেশ পৰীক্ষাত বহিও লিয়াঙে বিশ্ববিদ্যালয়ত ভর্তি হোৱাৰ সপোন বাস্তৱায়িত কৰিব পৰা নাই৷ চলিত বর্ষত চীনৰ প্রায় ১৩ নিযুত শিক্ষার্থী বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষাত অৱতীর্ণ হৈছিল৷ স্থানীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি, লিয়াং নিজৰ প্রদর্শনক লৈ হতাশ৷ লক্ষণীয়ভাৱে চীনৰ এই বিশ্ববিদ্যালয়ৰ প্রৱেশ পৰীক্ষা অতি কঠিন বুলি অভিহিত কৰিছে লিয়াং ছিয়ে৷ চীন চৰকাৰৰ তথ্য অনুসৰি, ২০২১ বর্ষটোত প্রৱেশ পৰীক্ষাত বহা মাত্র ৪১.৬ শতাংশ শিক্ষার্থীয়েহে বিশ্ববিদ্যালয়ত নামভর্তিৰ সুযোগ লাভ কৰিছে৷