নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট জিলা দিৱস উপলক্ষে মৰিয়নিত খেল-ধেমালি

বিশেষ বাৰ্তা, ৩০ জুনঃ ১৯৮৩ চনৰ এক জুলাইত গঠন হোৱা যোৰহাট জিলাই ইতিমধ্য ৪০ বছৰ অতিক্ৰম কৰিছে। সেই উপলক্ষ্যে যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ যোৰহাট জিলাভিত্তিত যোৰহাট জিলা দিৱসৰ আয়োজন কৰিছে। মৰিয়নিতো তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে যোৰহাট জিলা দিৱসৰ। আজি দ্বিতীয় দিনাৰ পুৱা মৰিয়নি ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ তত্বাৱধানত কিংশুক ক্ৰীড়া- সাংস্কৃতিক চ’ৰাৰ সহযোগত এক চাইকেল ৰেলী ওলিওৱা হয়। মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈয়ে ফ্লেগ অফ্ কৰি এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, শিক্ষাবিদ-সমাজকৰ্মী নেকিবুল ইছলাম, কিংশুকৰ সভাপতি তৰুণ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক অৰূপ চেতিয়া, পৌৰ সদস্য কাজল ভট্টাচাৰ্য্য, মৰিয়নি ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চুপাৰভাইজাৰ কাননগো ৰাজীৱ গগৈ, পৌৰসভাৰ অভিযন্তা গোপাল গগৈ, সমাজকৰ্মী ৰাণা মিত্ৰ, দিলীপ চাহু, দীপেন দাস, জ্যেষ্ঠ নাগৰিক ধীৰেন্দ্ৰ নাথ দত্ত প্ৰমুখ্যে বহু কেইজন ব্যক্তি উপস্থিত থাকে। চাইকেল ৰেলীত অংশগ্ৰহণকাৰীসকলে মৰিয়নি নগৰ পৰিভ্ৰমন কৰি যোৰহাট জিলা দিৱসৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। এই চাইকেল ৰেলীত কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে, ইয়াৰ পিছতেই কিংশুক ভৱনৰ চৌহদত অৱস্থিত ৰূপকোঁ‌ৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিশিষ্ট শিল্পী তৰুণ শইকীয়াই। ইয়াৰোপৰি মৰিয়নি পৌৰসভাৰ উদ্যোগত মৰিয়নিৰ কিংশুক উদ্যোনত অৱস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ মূৰ্তি, ষ্টেচন তিনি আলিত অৱস্থিত বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আৱক্ষ মূৰ্তি আৰু নিজৰাপাৰ তিনি আলিত অৱস্থিত বীৰছা মুণ্ডাৰ আৱক্ষ মূৰ্তিৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই কাৰ্য্যসূচীত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ- পৌৰপতি প্ৰদীপ দাসৰ লগতে পৌৰসভাৰ কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে।একেদৰে মৰিয়নি ক্ৰীড়া সন্থাৰ তত্বাৱধানত উপ-সভাপতি প্ৰদীপ বৰাই বাপুজী ষ্টেডিয়ামত অৱস্থিত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। কাটনিবাৰীৰ আটছাৰ পঞ্চ শ্বহীদৰ আৱক্ষ মূৰ্তি, নাগাজাংকাৰ শ্বহীদ সেনানি ৰূপম গগৈৰ পূৰ্নাংগ মূৰ্তিৰ ওপৰিও নকছাৰী ৰজাবাৰীৰ গমধৰ কোঁ‌ৱৰ আৰু দেবেৰাপাৰ চাৰি আলিৰ লাচিত বৰফুকনৰ পূৰ্নাংগ মূৰ্তিৰ সন্মুখতো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে বাপুজী ষ্টেডিয়ামত মৰিয়নি ক্ৰীড়া সন্থাৰ সহযোগত ছাত্ৰ ছাত্ৰী আৰু অন্যান্য লোকৰ মাজত পৰম্পৰাগত বিভিন্ন খেলধেমালী অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰো প্ৰদান কৰা হয়। সন্ধিয়ালৈ পৌৰসভাৰ উদ্যোগত থানা তিনি আলিৰ কিংশুক উদ্যানৰ লগতে কিংশুক ক্ৰীড়া – সাংস্কৃতিক চ’ৰা আৰু পৌৰসভাৰ কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰা হয়। পৌৰসভাৰ আহ্বান আৰু চেম্বাৰ্ছ অৱ কমাৰ্চৰ সহযোগত মৰিয়নি নগৰৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। কাইলৈ যোৰহাট জিলা দিৱসৰ অন্তিম দিন।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like