মহানগৰীত নিয়ম নমনা চিটী বাছৰ বিৰুদ্ধে অভিযান
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীত চিটী বাছৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত মহানগৰ পৰিবহন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। দুৰ্ঘটনাকে আদি কৰি চিটী বাছৰ মাজত চলা অঘোষিত প্ৰতিযোগিতা ৰোধ কৰা বাবে পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহন বিভাগে। মহানগৰীৰ ছয়মাইল, এম জি ৰোড, ভঙাগড়ত পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত নিয়ম নমনা চিটী বাছৰ বিৰুদ্ধে অভিযান।
গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যাত্ৰা পথত চিটী বাছৰ দুৱাৰ খোলা থাকিব নোৱাৰিব কেবল মাত্ৰ বাছ আস্থানতহে খুলিব পাৰিব বাছৰ দুৱাৰ লগতে যাত্ৰীসমূহ পিছফালৰ দুৱাৰেদি উঠি নামিব লাগিব আগফালৰ দুৱাৰৰে আদিকে ধৰি নিয়ম বান্ধি দিছিল। এই নিয়ম সমূহ বাছসমূহে মানিছে নাই সেইবোৰ পৰীক্ষণ কৰিবৰ বাবেই আজি ৰাজপথত নামিছে মহানগৰীৰ লগতে মৰিগাঁও-নগাঁৱৰ পৰা অহা MVIৰ দল।