ভাৰত-ইংলেণ্ড সেনাৰ মাজত আজিৰে পৰা AJEYAWARRIOR-V
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ভাৰত আৰু ইংলেণ্ডৰ সেনাবাহিনীৰ মাজত পঞ্চম যৌথ যোদ্ধাভ্যাস ‘অজয় ৱাৰিয়ৰ’ বৃহস্পতিবাৰৰ পৰা ব্ৰিটেইনত আৰম্ভ হৈছে । দীর্ঘদিনীয়া বিচ্ছিন্নতাবাদ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে দুয়োখন দেশৰ সেনাবাহিনীয়ে এই যোদ্ধাভ্যাসৰ জড়িয়তে চহৰ আৰু মহানগৰসমূহত সন্ত্রাসবিৰোধী যৌথ অভিযানৰ অনুশীলন কৰিব।
এক খবৰ অনুসৰি ১৩ ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া যৌথ অনুশীলনত দুয়োখন দেশৰে ১২০ জনকৈ সৈনিকে অংশ লৈছে ।
উল্লেখ্য যে এই যোদ্ধাভ্যাসত সৈনিকসকলে মকড্ৰিলৰ লগতে মাৰণাস্ত্ৰ চলোৱাৰ কৌশলো অনুশীলন কৰিব ।
Ex #AJEYAWARRIOR-V
Joint exercise to achieve #Synergy & #Interoperability between #IndianArmy & #UnitedKingdom Army being conducted at #SalisburyPlains #UnitedKingdom from 13 Feb 20. Both contingents would work together & share best practices. #Cooperation#NationFirst pic.twitter.com/wniCFQFmqh— ADG PI – INDIAN ARMY (@adgpi) February 12, 2020