নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদৰ ৱেব ডিজাইনাৰৰ গাড়ী চুৰিৰ অভিনৱ পদ্ধতি

বিশেষ বাৰ্তা, ২ জুলাই : হোটেল, ৰেষ্টুৰেণ্ট বা বৃহৎ অনুষ্ঠানত গাড়ী পাৰ্কিঙৰ বাবে এক বিশেষ উপায় ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আপুনি যেতিয়া সভাস্থলীত উপস্থিত হ’ব, তেতিয়া আপোনাৰ গাড়ীখন অনুষ্ঠানৰ আয়োজকসকলে পাৰ্কিংস্থলীত সুৰক্ষিতভাৱে নি ৰাখি থয়। অনুষ্ঠানৰ পিছত পুনৰ গাড়ীখন লৈ মূল গেটৰ সন্মুখত উপস্থিত হ’ব কোনো এজন ব্যক্তি। ইয়াৰ সুবিধা লৈ গাড়ী চুৰিৰ জাল তৰিছিল এজন ৱেব ডিজাইনাৰে। হায়দৰাবাদৰ অৰুণ ৰেড্ডী নামৰ এজন ৱেব ডিজাইনাৰ আৰক্ষীৰ জালত পৰে। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ গাড়ী পাৰ্কিং কৰি দিয়াৰ ছলেৰে গাড়ী লৈ উধাও হৈছিল। উল্লেখ্য যে ২৪ জুনত এখন গাড়ী লৈ এক অনুষ্ঠানলৈ গৈছিল এগৰাকী মহিলা। অৰুণে সভাস্থলীৰ সন্মুখত ইউনিফৰ্ম পিন্ধি ভুক্তভোগীৰ বাবে অপেক্ষা কৰি আছিল। মহিলাগৰাকীয়ে গাড়ীখন ৰখাই দিয়াৰ পিছত গাড়ীৰ সকলো তথ্য এটাত এপত ভৰাই চাবিটো দিয়াৰ লগে লগে অৰুণে পাৰ্কিং কৰাৰ ছলেৰে পিছফালৰ গেটেৰে গাড়ীখন লৈ উধাও হয়। অনুষ্ঠানৰ পিছত বহু সময় অপেক্ষা কৰাৰ পিছতো মহিলাগৰাকীয়ে উদ্যোগীসকলক গাড়ীখন নোপোৱাৰ কথা অৱগত কৰে। পিছত আৰক্ষীয়ে তদন্ত কৰি হায়দৰাবাদৰ এখন হোটেলত ৰখাই থোৱা অৱস্থাত গাড়ীখন উদ্ধাৰ কৰে। গাড়ীখন নিবলৈ আহোঁতে আৰক্ষীয়ে অৰুণক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অৰুণে জেৰাৰ সময়ত স্বীকাৰ কৰে যে তেওঁ পূৰ্বেও এনেদৰে আন এখন দামী গাড়ী চুৰি কৰিছিল। সেই গাড়ীখন তেওঁৰ ঘৰতে আছে।

You might also like