নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা আৰু আমেৰিকা

গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনক লৈ বিশ্বজুৰি বৃদ্ধি পাইছে উদ্বেগ৷ ৰাষ্ট্রসংঘৰ নেতৃত্বত জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে সঘনে আলোচনাত মিলিত হৈ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে৷ যিকোনো প্রকাৰে গ্রীন হাউছ গেছ নির্গমনত প্রতিৰোধ লগাবলৈ সহমত প্রকাশ কৰিছে প্রায় প্রতিখন দেশে৷ কিন্তু বাস্তৱ ক্ষেত্রত কোনো কার্যকৰী পদক্ষেপ আজিলৈকে গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ গতিকে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰিবলৈ দেশসমূহে কি ব্যৱস্থা গ্রহণ কৰিব তাক লৈ উদ্বিগ্ণ হৈ আছে জলবায়ু বিজ্ঞানীসকল৷ ইয়াৰ মাজতে আমেৰিকাই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ সৌৰ ৰশ্মিক বাধা দিয়াৰ চিন্তা–চর্চা চলাইছে ৷ সৌৰ ৰশ্মিক আদবাটতে বাধা দিয়াৰ পৰিকল্পনা কৰিছে জ’ বাইডেন প্রশাসনে৷ শেহতীয়াকৈ হোৱাইট হাউছৰ ৱেবছাইটত এই সম্পর্কীয় এক গৱেষণা–পত্র প্রকাশিত হৈছে৷ হোৱাইট হাউছৰ ছায়েঞ্চ এণ্ড টেকনল’জী পলিচীৰ ‘ছ’লাৰ জিঅ’ ইঞ্জিনীয়াৰিং’ সম্পর্কীয় এক প্রতিবেদন প্রকাশ পাইছে ৱেবছাইটত৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে সৌৰ ৰশ্মিক বাধা দি গোলকীয় উষ্ণতা প্রতিৰোধৰ বাবে গৱেষণা চলোৱা হৈছে৷ গৱেষণাৰ উদ্দেশ্য হৈছে উষ্ণতাক নিয়ন্ত্রণত ৰাখি পৃথিৱীক শীতল কৰি ৰখা৷ সৌৰ ৰশ্মিৰ বিকিৰণৰ পৰিৱর্তনৰ বৈজ্ঞানিক আৰু সামাজিক প্রভাৱ সম্পর্কীয় বিভিন্ন বিষয় এই গৱেষণাত পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে৷ এই গৱেষণাতে সৌৰ ৰশ্মিক কেনেদৰে প্রতিৰোধ কৰা হ’ব সেই সম্পর্কীয় অধ্যয়নো চলোৱা হৈছে৷ আমেৰিকাৰ জলবায়ুগত নীতিৰ অধীনত ইয়াৰ সম্ভাব্য প্রত্যাহ্বান বা সুবিধা নির্ধাৰণৰো চেষ্টা কৰা হৈছে গৱেষণাত৷ ইয়াৰ সমান্তৰালকৈ বিজ্ঞানীসকলে গ্রীন হাউছ গেছ নিঃসৰণৰ বিষয়টোও পর্যালোচনা কৰিছে৷
হোৱাইট হাউছৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে সৌৰ ৰশ্মিৰ বিকিৰণে কেইবছৰমানৰ ভিতৰতে পৃথিৱীৰ সম্ভাব্য উষ্ণতা হ্রাসৰ আভাস দিছে৷ কিন্তু এইক্ষেত্রত প্রযুক্তিৰ আমদানিৰ পূর্বে সৌৰ ৰশ্মি বিকিৰণৰ পৰিৱর্তনৰ গৱেষণাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে প্রতিবেদনত৷ আগন্তুক দিনত গোলকীয় উষ্ণতা নিয়ন্ত্রণত ৰখাৰ ক্ষেত্রত হোৱাইট হাউছ প্রশাসনৰ এই গৱেষণা কার্যকৰী হ’ব নে নাই সেয়া এতিয়াই ক’ব নোৱাৰি৷ কাৰণ এইক্ষেত্রত চৰকাৰী উদ্যোগৰ সমান্তৰালকৈ কর্প’ৰেট প্রকল্পৰো তৎপৰতা থাকিব লাগিব৷ অর্থাৎ যৌথভাৱে এই গৱেষণাক আগবঢ়াই নিব লাগিব৷ সৌৰ ৰশ্মি বিকিৰণৰ পৰিৱর্তনে মানুহৰ স্বাস্থ্য, জৈৱ–বৈচিত্র্য, ভূ–ৰাজনীতিৰ ক্ষেত্রত কি প্রভাৱ পেলায় সেয়াও দেখুওৱা হৈছে এই প্রতিবেদনত৷ সূর্যৰ পোহৰ বা সৌৰ ৰশ্মিক বাধা দিলে তাৰ প্রভাৱ পৰিব বতৰৰ ওপৰত৷ ব্যাহত হ’ব পাৰে খাদ্য সৰবৰাহো৷ গতিকে সকলো দিশ পর্যালোচনা কৰা হৈছে গৱেষণাৰ প্রাথমিক পর্যায়ত৷ বাইডেন প্রশাসনৰ মতে গ্রীন হাউছ গেছ নির্গমনৰ সমান্তৰালকৈ সৌৰ ৰশ্মিক বাধা দিয়াৰ ক্ষেত্রত অত্যাধুনিক বৈজ্ঞানিক কর্মসূচী লাগিব ৷ অন্যথা গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা সংকটৰ পৰা কোনো দেশে ৰক্ষা নাপাব ৷ গতিকে প্রাথমিক অৱস্থাত হ’লেও আমেৰিকাৰ এই গৱেষণাক বিভিন্ন দেশে বিশেষ নজৰ দিছে ৷ যদি এই গৱেষণা সফল হয়, তেন্তে গোলকীয় উষ্ণতা হ্রাসৰ ক্ষেত্রত প্রথমটো বৈজ্ঞানিক পদক্ষেপ গ্রহণ কৰা হ’ব পাৰে ৷ অৱশ্যে মার্কিন বিজ্ঞানীসকলে তাৎক্ষণিকভাৱে এই গৱেষণাই চমৎকাৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা নাই৷ ইয়াক আগবঢ়াই নিব লাগিব বুলি কেইবাগৰাকীও বিজ্ঞানীয়ে মন্তব্য কৰিছে ৷ প্রাথমিক স্তৰৰ পৰা এই গৱেষণাক আগবঢ়াই নিয়াৰ ক্ষেত্রত অন্য দেশসমূহৰো সহযোগিতা লাগিব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ তথাপি প্রাৰম্ভিক যদিও গোলকীয় উষ্ণতা প্রতিৰোধৰ এয়া প্রথম বৈজ্ঞানিক গৱেষণা হিচাপে চিহ্ণিত হৈছে৷

You might also like