নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন্দুৰে উলিয়ালে কাৰাগাৰৰ দুই অভিযুক্তক

🔴 চেন্নাইত আজব ঘটনা : প্রমাণ দাখিলত ব্যর্থ আৰক্ষী
বিশেষ বাৰ্তা, ৬ জুলাই : ২২ কেজি গাঞ্জা খালে এন্দুৰে ৷ ইয়াৰ ফলত কাৰাগাৰৰ পৰা মুক্ত হ’ল অভিযুক্ত দুই ব্যক্তি ৷ এই আজব ঘটনা ঘটিছে চেন্নাইত ৷ গাঞ্জাৰ ব্যৱসায় আৰু সৰবৰাহৰ অভিযোগত অভিযুক্ত কৰা হৈছিল দুজনক ৷ এন্দুৰে গাঞ্জা খাই পেলোৱাৰ ফলত আদালতত প্রমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে ৷ ইয়াৰ বাবে চর্তহীনভাৱে দুয়োজন অভিযুক্তক মুক্তি দিলে আদালতৰ বিচাৰকে ৷ গোচৰটোৰ সূত্রপাত ঘটিছিল ২০২০ চনত ৷ সেই বছৰতে ২২ কেজি গাঞ্জাসহ মেৰিণা আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছিল ৰাজাগোপাল আৰু নাগেশ্বৰা ৰাও নামৰ দুগৰাকী লোক ৷ গাঞ্জা বাজেয়াপ্ত কৰে আৰক্ষীয়ে ৷ প্রাথমিক তদন্তৰ পিছত দুই অভিযুক্তক কাৰাগাৰত ৰখা হয় ৷ শেহতীয়াকৈ গোচৰৰ চার্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে ৷ কিন্তু প্রমাণৰ অভাৱত দুয়োজন বন্দীয়ে মুক্তি লাভ কৰে ৷

You might also like