নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱগ্ৰহ মন্দিৰক পৰ্যটনস্থলী হিচাপে গঢ়াৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৮ জুলাইঃ আজি নৱগ্ৰহ মন্দিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পুৱাই নৱগ্ৰহত উপস্থিত হৈ মন্দিৰৰ আন্তঃগাঁথনি উন্নতিৰ বাবে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উক্ত আলোচনা মৰ্মে পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মন্দিৰ পৰিচালন সমিতিৰ লগত মন্দিৰৰ আন্তঃগাঁথনিৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নৱগ্ৰহ মন্দিৰৰ লগতে ভীমাশংকৰ মন্দিৰ, নৱগ্ৰহ শ্মশান দর্শনার্থীৰ বাবে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে ইয়াৰ বাবে বাবে এক আঁচনি লোৱা হৈছে । অসম পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে গঢ় লোৱাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। উক্ত পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

You might also like