নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰা শতদল শাখা সাহিত্য সভাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা

🔹 ভাৰ্গৱী খাউণ্ডৰ শিশুগ্ৰন্থ “The Wisdom Wonders” উন্মোচন

নিয়মীয়া বাৰ্তা, ৯ জুলাই : বৃহত্তৰ কাহিলিপাৰা শতদল শাখা সাহিত্য সভাই আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সভাখনত পৌৰোহিত্য কৰে সভাপতি কৃষ্ণ কান্ত হাজৰিকাই আৰু সভাৰ আঁত ধৰে সম্পাদক প্ৰেমলতা ফুকনে। অনুষ্ঠানত ভাৰ্গৱী খাউণ্ডৰ শিশুগ্ৰন্থ “The Wisdom Wonders” উন্মোচন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী সবিতা দেৱীয়ে। তেওঁ গ্ৰন্থখনৰ বিষয়ে ভাষণত কয়- নৱপ্ৰজন্মই সৃষ্টি কৰা সাহিত্য নৱপ্ৰজন্মৰ বাবে আদৰ্শ আৰু প্ৰেৰণা। প্ৰতিযোগিতাখনত কবিতা আবৃত্তি ক, খ দুটা শাখাত অনুষ্ঠিত হয়। আবৃত্তি প্ৰতিযোগিতাত বিশিষ্ট কবি-সমালোচক বিপুল শৰ্মা বিচাৰকৰ আসনত থাকে আৰু আবৃত্তি প্ৰতিযোগিতাৰ আঁত ধৰে পত্ৰিকা সম্পাদক বিতুমণি গোস্বামীয়ে। মঞ্চত বিশিষ্ট সাহিত্যিক ৰেখা বৰগোহাঁই আৰু উপদেষ্টা গজেন্দ্ৰ কুমাৰ বৰদলৈ, সাংস্কৃতিক সম্পাদক ড০ প্ৰশান্ত মাধৱ গোস্বামী, উপ-সভাপতি দীপিকা খাউণ্ড উপস্থিত থকাৰ উপৰি গণ্যমান্য ব্যক্তিসকলে সভাখন শুৱনি কৰে।

You might also like