নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত মুষলধাৰ বৃষ্টিপাতত ১৯জনৰ প্রাণহানি

🔹 ১০ সহস্রাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
বিশেষ বাৰ্তা, ৯ জুলাই : বৃষ্টিপাতে ডুবাইছে দেশৰ উত্তৰৰ পৰা দক্ষিণ প্রান্ত ৷ কেইবাখনো ৰাজ্যত একেৰাহে অবিৰাম গতিত চলি আছে বৃষ্টিপাত ৷ দিল্লীসহ উত্তৰ ভাৰতৰ অধিকাংশ ৰাজ্যত বৃষ্টিপাতৰ বাবে জনজীৱন বিপর্যস্ত হৈছে ৷ দক্ষিণ ভাৰতৰ কেৰালাত পৰিস্থিতি অতি ভয়াৱহ ৷ বিগত এসপ্তাহ ধৰি ৰাজ্যখনত চলি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিছে ৷ বৃষ্টিপাতৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ১৯গৰাকী লোকে প্রাণ হেৰুৱাইছে ৷ বহু চহৰত সাধাৰণ জীৱন যাত্রা স্তব্ধ হৈ পৰিছে ৷ কেৰালা প্রশাসনে বান কবলিত অঞ্চলৰ পৰা ১০ সহস্রাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ৷ ৰাজ্যখনৰ বিপর্যয় মোকাবিলা বাহিনীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ২২৭টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ এই শিবিৰসমূহতে বান কবলিত অঞ্চলৰ বাসিন্দাসকলক আশ্রয় দান কৰা হৈছে ৷ পৰিসংখ্যা অনুযায়ী কেৰালাত যোৱা সপ্তাহটোত মুষলধাৰ বৃষ্টিপাতৰ ফলত ১১ বাসগৃহৰ ক্ষতিসাধন হৈছে৷ বিভিন্ন স্থানত বিঘ্ণিত হৈছে যাতায়াত ব্যৱস্থা ৷

You might also like