নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত দুৰ্ঘটনাত ছাত্ৰৰ প্ৰাণহানি, এজন চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ১০ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত ফলিহামাৰীত যোৱানিশা দুই বাইকৰ মুখামুখি সংঘৰ্ষত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। যোৱানিশা ফলিহামাৰীত দুই বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ১১ বছৰীয়া সাহাব উদ্দিন আৰু ৩০ বছৰীয়া ফিৰোজ খান। লগে লগে গুৰুতৰভাৱে আহত দুয়োকে চিকিৎসালয়লৈ নিয়ে যদিও সাহাব উদ্দিনৰ মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা সাহাব উদ্দিন টেঙাগুৰি আদৰ্শ মাৰ্কাজ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র আছিল। ছাত্রজনৰ অকাল মৃত্যুত সমগ্র টেঙাগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে । আজি টেঙাগুৰি আদৰ্শ মাৰ্কাজ একাডেমীত মৃত ছাত্ৰজনৰ আত্মাৰ সদগতি কামনাৰে দোৱা প্ৰাৰ্থনা কৰা হয়।

প্ৰেৰক আবুল কালাম

You might also like