নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০০ টকীয়া নোট বিনিময়ত পৰিচয়-পত্ৰ প্ৰযোজ্য নহয়

বিশেষ বাৰ্তা, ১০ জুলাইঃ আজি উচ্চতম ন্যায়ালয়ে পৰিচয় পত্ৰ নেদেখুওৱাকৈ ২ হাজাৰ টকীয়া নোট বিনিময়ৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰে। আবেদনকাৰী অধিবক্তা অশ্বিনী উপাধ্যায়ে কয় যে পৰিচয় পত্ৰ নেদেখুৱাকৈ দুৰ্নীতিগ্ৰস্ত আৰু জাতীয় বিৰোধী উপাদানে নোট সলনি কৰি লাভৱান হৈছে। এই আৱেদন নাকচ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্ত নীতিগত বিষয়। আমি ইয়াত হস্তক্ষেপ নকৰো। ইয়াৰ পূৰ্বে ২৯ মে’ত দিল্লী উচ্চ ন্যায়ালয়েও ইয়াক নীতিগত বিষয় বুলি আখ্যা দি আবেদন নাকচ কৰিছিল। অশ্বিনী উপাধ্যায়ৰ এই আৱেদনত কোৱা হৈছে যে তিনি লাখ কোটিতকৈ অধিক মূল্যৰ ২০০০ টকীয়া নোট দুৰ্নীতিগ্ৰস্ত, মাফিয়া বা জাতীয় বিৰোধী শক্তিৰ লগত থকাৰ সন্দেহ কৰা হৈছে। এনে পৰিস্থিতিত পৰিচয় পত্ৰ নেদেখুৱাকৈ নোট সলনি কৰি এনে উপাদানে লাভৱান হৈছে। আবেদনকাৰীয়ে কয় যে ভাৰতত আজি এনে কোনো পৰিয়াল নাই, যাৰ বেংক একাউণ্ট নাই। গতিকে ২০০০ টকীয়া নোট পোনপটীয়াকৈ বেংক একাউণ্টত জমা কৰিব লাগে। লগতে আৱেদনখনত কোৱা হৈছে যে এইটোও চাব লাগে যে ব্যক্তিজনে আন কাৰোবাৰ একাউণ্টত নহয়, কেৱল নিজৰ একাউণ্টতহে ধন জমা কৰিছে। ৰিজাৰ্ভ বেংকেও এই আবেদনৰ বিৰোধিতা কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ত তৰ্কৰ সময়ত ৰিজাৰ্ভ বেংকৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা পৰাগ ত্ৰিপাঠীয়ে কৈছিল যে আদালতে বিত্তীয় আৰু মুদ্ৰানীতিত হস্তক্ষেপ কৰিব নোৱাৰে। নোট জাৰি কৰা আৰু উলিওৱাটো ৰিজাৰ্ভ বেংকৰ অধিকাৰ।

You might also like