নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত বিজেপিৰ টিফিন বৈঠকত বিধায়ক প্ৰমোদ বৰঠাকুৰ

বিশেষ বাৰ্তা,  ১১ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূর্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে সকলো বুথৰ ঘৰে ঘৰে গৈ মহা জনসম্পর্কৰ এই অভিযান বিশ্বনাথত অব্যাহত আছে। এই উপলক্ষে কালি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত গড়েহাগিত বিজেপিৰ বিশ্বনাথ জিলাৰ বিষয়ববীয়া, বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ বিষয়ববীয় তথা কাৰ্যকৰ্তাৰ লগতে শক্তি কেন্দ্ৰৰ আহ্বায়কসকলৰ সৈতে টিফিন বৈঠকৰ আয়োজন কৰা হয়। বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ সভাপতি প্ৰাণোদ্বীপ্ত ৰাজখোৱা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ যুব মৰ্চাৰ সভাপতি দেৱজিৎ বৰা, পঞ্চায়ত সভাপতিসকল, ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সম্পাদক প্ৰাঞ্জল গোস্বামী, অৰ্চনা বৰা, ৱাৰ্ড কমিছনাৰ মিলন বৰা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰাখী দাস, আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতি ৰঞ্জিত কলিতাৰ লগতে দলীয় কাৰ্য্যকৰ্তাসকল। বিধায়ক প্ৰমোদ বৰঠাকুৰে এই টিফিন বৈঠকৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। এই কাৰ্যসূচীত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে কেন্দ্ৰীয় চৰকাৰৰ মহা জনসম্পৰ্ক অভিযানৰ বিষয়ে মত বিনিময় কৰে। কালিৰ টিফিন বৈঠকৰ আয়োজন সফল  বুলি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা মিডিয়া আহ্বায়ক গোবিন্দ হাজৰিকাই জানিবলৈ দিয়ে।

প্ৰেৰক জয়ন্ত বৰা

You might also like