নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীৰ সমষ্টিত আঁতৰা নাই দুৰ্যোগ

নিয়মীয়া বাৰ্তা, ১১ জুলাই : অসম মন্ত্ৰীসভাত দুবাৰকৈ মন্ত্ৰিত্বৰ দায়িত্বত থকা তথা বৰ্তমান ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ গৃহ সমষ্টিৰ এটা অঞ্চলৰ জনসাধাৰণৰ আজিকোপতি দুৰ্যোগ আঁতৰ নোহোৱা দিশ এটা পোহৰলৈ আহিছে। খোদ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীগৰাকীৰ নিজা সমষ্টিত দুৰ্যোগ দূৰ নোহোৱা বিষয়টো হ’ল সমষ্টিটোৰ লাকুৱা চাৰিঙীয়া উজনি কোঁৱৰ গাঁৱলৈ অহা-যোৱা কৰা পথটো দিচাং নদীৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে বুৰাই জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে হাৰাশাস্তি ভোগাই আহিছে। বছৰ বছৰ ধৰি নানা জলাকলাৰ মাজত বাৰিষাৰ দিনকেইটাত স্থানীয় জনসাধাৰণে পানীৰ মাজেৰেই অহা-যোৱা কৰিব লগা হৈছে। বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰিষাৰ দিনত হাতত জোতা-চেন্দেল লৈ শিক্ষানুষ্ঠানলৈ আহ-যাহ কৰিব লগা হয় । গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি, বিগত ২৭ বছৰে এই অঞ্চলটোত দিচাং নদীৰ পানী বাঢ়িলে বছৰটোত ৫/৬ বাৰকৈ পথটোৰ লগতে সমগ্ৰ অঞ্চলটো পানীত বুৰ যোৱাটো এক নিয়মীয়া ঘটনা হৈ পৰিছে যদিও এই সমস্যা সমাধানৰ বাবে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ‌। মন কৰিবলগীয়া যে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে স্থানীয় ৰাইজে অ’এনজিচি কৰ্তৃপক্ষ, প্ৰশাসন তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো সংশ্লিষ্ট পক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে প্ৰতিবছৰে বাৰিষা অঞ্চলটোৰ ৰাইজে নানা দুৰ্ভোগ ভোগ কৰিব লগা হৈছে । স্থানীয় বিধায়ক তথা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে এই সন্দৰ্ভত স্থানীয় জনসাধাৰণক বহু আশ্বাস প্ৰদান কৰিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে ।
প্ৰেৰক দুষ্যন্ত নাথ
You might also like