নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ ৰাগিত হেল্পলাইনত ফোন কৰি প্ৰধানমন্ত্ৰী-উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি

বিশেষ বাৰ্তা, ১১ জুলাই : গভীৰ নিশা চৰকাৰী হেল্পলাইনত ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ব্যক্তিজনে সুৰাপান কৰি এই অপৰাধ সংঘটিত কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন গোৰক্ষপুৰৰ ভূজাউলী কলনীৰ বাসিন্দা ৪৫ বছৰীয়া সঞ্জয় কুমাৰ। দেওবাৰে গভীৰ নিশা চৰকাৰী হেল্পলাইন ১১২ত কুমাৰে ফোন কৰি মোদী আৰু আদিত্যনাথক হত্যাৰ ভাবুকি দিয়ে। ফোনত এনে ভাবুকি পোৱাৰ পিছত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে অনুসন্ধান চলাই জিলাখনৰ হাৰপুৰ বুধাত অঞ্চলৰ দেৱৰাদ গাঁৱৰ সঞ্জয় কুমাৰৰ নামত মোবাইল নম্বৰটো পঞ্জীয়ন হৈ আছে বুলি জানিব পাৰে। সেই সূত্ৰৰ ভিত্তিত সোমবাৰে পুৱা আৰক্ষীয়ে সঞ্জয়ক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে জেৰাৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে দেওবাৰে গভীৰ নিশা সঞ্জয়ে সুৰাপান কৰি অৰুণ কুমাৰ নামেৰে ফোন কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল। আৰক্ষীয়ে সঞ্জয়ক অধিক জেৰা অব্যাহত ৰাখিছে।

You might also like