নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্তব্যত সুৰাপান : ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্র দাসক নিলম্বন

বিশেষ বার্তা, ১১ জুলাইঃ সুৰাপায়ী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী সঞ্চালকপ্রধান৷ কিয়নো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিছে কঠোৰ নির্দেশ। ৰাজ্যৰ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকক সুৰাপান কৰি কর্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰিছিল আৰক্ষী সঞ্চালকপ্রধান গৰাকীয়ে৷ সুৰাপান কৰি কর্তব্যত গাফিলতি কৰা আৰু থানাৰ ভিতৰত শুই থকাৰ অভিযোগত ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্র কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰে৷ কালি নিশা কনিষ্টবলগৰাকীয়ে থানাৰ ভিতৰতে সুৰাপান কৰি দৃষ্টিকটুভাৱে টেবুলত ভৰি উঠাই শুই আছিল৷ ইয়াৰ পিছতে কনিষ্টবলগৰাকীক ব্রেথ এনালাইজাৰেৰে পৰীক্ষা কৰাত অত্যধিক সুৰাপান কৰা বুলি ধৰা পৰে৷ উল্লেখ্য যে পূর্বতেও কনিষ্টবলগৰাকীয়ে সুৰাপান কৰি কর্তব্যত গাফিলতি কৰিছিল৷ ফটাশিল আমবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে কেবাবাৰো কনিষ্টবল দাসক কর্তব্যৰত সময়ত সুৰাপান নকৰিবলৈ সকীয়াই দিছিল৷ কিন্তু পুনৰ সুৰাপাণ কৰি কর্তব্যত গাফিলতি কৰাৰ অভিযোগত দাসক নিলম্বন কৰে৷

You might also like