নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিচিচিএফ অভিজিৎ ৰাভাৰ দুর্নীতিৰ তদন্তত ওলাইছে ন ন তথ্য

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ সামঞ্জস্যহীন সম্পত্তি আৰু নগদ ধনেৰে দুর্নীতিৰ পাহাৰ গঢ়া পিচিচিএফ অভিজিৎ ৰাভাৰ বিৰুদ্ধে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই চলাই থকা তদন্তত নিতৌ উদ্ধাৰ হৈছে নতুন নতুন তথ্য৷ শেহতীয়াকৈ গুৱাহাটীৰ বাসভৱন আৰু বন বিষয়াজনৰ ঘনিষ্ঠ মহিলাৰ ফ্লেটত তালাচী চলাই অবৈধভাৱে জমা কৰা বহু ধনৰ তথ্য তদন্তকাৰী দলে উদ্ধাৰ কৰাৰ পিছত পুনৰ বন বিভাগৰ শীর্ষ বিষয়াজনৰ আন এক ধনৰ ভাণ্ডাৰৰ তথ্য লাভ কৰিছে দুর্নীতি নিবাৰক শাখাই৷ অসম আৰক্ষীৰ সূত্রই প্রকাশ কৰা অনুসৰি অভিজিৎ ৰাভাই তেওঁৰ অতি ঘনিষ্ঠ বন বিভাগৰ মহিলা কর্মচাৰী এগৰাকীৰ জৰিয়তে ক’লা ধনৰ লেনদেন চলাইছিল৷ তদন্তকাৰী দলে শেহতীয়াকৈ কার্বি আংলঙৰ বকলীয়াঘাটৰ বন বিভাগৰ কনিষ্ঠ সহায়ক ৰিকি কেওট নামৰ এইগৰাকী মহিলাৰ পিতৃৰ গৃহত তালাচী চলাই অভিজিৎ ৰাভাৰ নামত ধন জমা কৰা একাধিক তথ্য লাভ কৰে৷ তদন্তকাৰী দলৰ প্রাৰম্ভিক জেৰাতে মহিলাগৰাকীয়ে তেওঁৰ জৰিয়তে অভিজিৎ ৰাভাই কিদৰে ক’লা ধনৰ লেনদেন কৰিছিল, সেয়া জানিবলৈ দিছে৷ দুর্নীতি নিবাৰক শাখাই কালিয়েই মহিলাগৰাকীক গুৱাহাটীলৈ লৈ অহাৰ পিছত অভিজিৎ ৰাভা সন্দর্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া যে বন বিভাগত শীর্ষ পদত থাকি সোঁৱে–বাঁৱে ধন আহৰণ কৰা অভিজিৎ ৰাভাই তেওঁৰে ঘনিষ্ঠ মহিলাৰ জৰিয়তে কেইবা কোটি টকাৰ বীমা কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে এই বীমাৰ পলিচী আৰু বেংকৰ কেইবাটাও একাউণ্টৰ তথ্য উদ্ধাৰ কৰিছে৷ স্মর্তব্য যে ১৯৮৪ৰ আই এফ এছ অভিজিৎ ৰাভাক ৰাজ্য চৰকাৰে মুখ্য বন সংৰক্ষক হিচাপে নিযুক্তি নিদিয়াৰ বাবে চেণ্ড্রেল এডমিনিষ্ট্রেটিভ ট্রিবিউনেলে এটা গোচৰ তৰিছিল৷ ট্রিবিউনেলে তেওঁক মুখ্য বন সংৰক্ষক দিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছিল যদিও তেওঁৰ বিৰুদ্ধে থকা বিভাগীয় খেলিমেলিৰ বাবে মুখ্য বন সংৰক্ষকৰ পৰিৱর্তে পিচিচিএফ (বিশেষ) পদতহে নিযুক্তি দিয়ে৷ ইয়াৰ পিছতো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল৷ এনে ন্যায়িক প্রক্রিয়াৰ মাজত থকা সময়তে অভিজিৎ ৰাভাৰ সামঞ্জস্যহীন সম্পত্তিৰ তথ্য লাভ কৰে ৰাজ্য চৰকাৰে৷ যোৱা ছবছৰত বন বিভাগৰ বিষয়াজনে তেওঁৰ বেংক একাউণ্টত জমা কৰিছিল ৪ কোটি ১২ লাখ টকা৷ এই ধনৰ উৎসৰ পতিয়ন যোৱাৰ তথ্য দাঙি ধৰিব নোৱাৰাৰ বাবে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই বিষয়াজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷ এনে তদন্ত কালতে উন্মোচিত হৈছে অভিজিৎ ৰাভাৰ ক’লা টকাৰ কেইবাটাও ভাণ্ডাৰ৷

You might also like