নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সত ৰাজকীয় আদৰণি প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷

বিশেষ বাৰ্তা, ১৩ জুলাইঃ ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনৰ আমন্ত্রণ মর্মে দুদিনীয়া চৰকাৰী ভ্রমণেৰে আজি বিয়লি ৪ বজাত দেশখনৰ অর্লি বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে প্রধানমন্ত্রী মোদীক ৰেড কার্পেট আদৰণি জনায়৷ ফ্রান্সত ৰাজকীয় আদৰণি প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷ দেশখনৰ প্রধানমন্ত্রী এলিজাবেথ বর্নেই প্রধানমন্ত্রী মোদীক বিমানবন্দৰত আদৰণি জনায়৷ ৰাজকীয় সন্মান প্রদর্শনেৰে ৰেড কার্পেটত দেশখনৰ প্রধানমন্ত্রী বর্নে আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খোজকাঢ়ি গৈ পাছলৈ দেশখনৰ শীর্ষ নেতাসকলৰ সৈতে চিনাকি পর্বত মিলিত হয়৷ ফ্রান্স–ভাৰতৰ কৌশলগত বন্ধুত্বৰ ২৫সংখ্যক বার্ষিকী উপলক্ষে প্রধানমন্ত্রী মোদীয়ে দুদিনীয়া ফ্রান্স ভ্রমণৰ সময়ত ৰাষ্ট্রপতি মেক্রনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উপৰিও প্রবাসী ভাৰতীয়ক সম্বোধন কৰিব৷ তদুপৰি ফ্রান্সৰ ৰাষ্ট্রীয় দিৱস তথা বাষ্টিল দিৱসত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷ ৰাষ্ট্রপতিগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত দুয়ো দেশৰ মাজত প্রতিৰক্ষাকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূর্ণ চুক্তি সম্পন্ন হ’ব৷ প্রধানমন্ত্রী মোদীৰ সৈতে অতি ঘনিষ্ঠ বন্ধু ৰাষ্ট্রপতি মেক্রমে ব্যক্তিগত নৈশ আহাৰত মিলিত হ’ব৷ প্রধানমন্ত্রী মোদীৰ সৈতে মিলিত হ’বলৈ উৎসাহী হৈ আছে প্রবাসী ভাৰতীয়৷ ভাৰতীয় গুজৰাটী সাংস্কৃতিক সংস্থাৰ সভাপতি জয়েশ ভাবছেই প্রকাশ কৰা মতে প্রধানমন্ত্রী মোদীক বিপুল আদৰণি জনাবলৈ তেওঁলোকে সম্পূর্ণ সাজু হৈ আছে৷ ভাৰত আৰু ফ্রান্সৰ পতাকাৰ চিহ্ণ থকা বিশেষ টার্বান উপহাৰ দিয়া হ’ব৷ আনপিনে প্রধানমন্ত্রী মোদী ফ্রান্স ভ্রমণৰ সময়তে ভাৰতৰ নৌবাহিনীৰ বাবে ২৬খন ৰাফেল যুদ্ধ বিমান আৰু ৩খন স্ক’ৰপেন ছাবমেৰিন ক্রয়ত অনুমোদন জনাইছে ডিফেন্স একুইচন কাউন্সিল (ডিএচি)–এ৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, চিডিএছ জেনেৰেল অনিল চৌহান আৰু তিনি সেনাবাহিনীৰ মুৰব্বীৰ বৈঠকত ফ্রান্সৰ পৰা ২৬খন ৰাফেল যুদ্ধবিমান আৰু ৩খন স্ক’ৰপেন ছাবমেৰিন ক্রয়ত অনুমোদন জনায়৷ এই অনুসৰি ভাৰতীয় নৌবাহিনীয়ে একক আসন বিশিষ্ট ২২খন ৰাফেল মেৰাইন বিমান আৰু ৪খন প্রশিক্ষণ বিমান লাভ কৰিব৷ এই যুদ্ধবিমান কেইখন বিমান পৰিবাহী জাহাজ আইএনএছ বিক্রমাদিত্য আৰু বিক্রান্তত মোতায়েন কৰা হ’ব৷ আনহাতে ফ্রান্সত ভৰি দিয়াৰ পূর্বে ফৰাচী প্রকাশন লেছ ইক’জৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভাৰত আৰু ফ্রান্সৰ কৌশলগত বন্ধুত্ব এক মুখ্য বিষয়৷ ভাৰত মহাসাগৰ অঞ্চলত আমি দুই প্রধান শক্তিশালী বাসিন্দা৷ আমাৰ বন্ধুত্ব উৎকৃষ্ট ৰূপত বর্তি আছে৷

You might also like