নিয়মীয়া বাৰ্তা, ১৪ জুলাই : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে ওৰে নিশা অভিযান চলাই আজি পুৱতি নিশা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ছমৰীয়া অঞ্চলৰ নৈৰ ঘাটৰ পৰা তিনিটাকৈ অবৈধ বালি তোলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় | বনাঞ্চলিক বিষয়া শিৱাশিস চাণ্ডিল্য আৰু বন বিষয়া সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে অভিযান চলাই তিনিটাকৈ অবৈধ বালি তোলা মেচিন জব্দ কৰি বাহন এখনেৰে নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে | উল্লেখ্য যে ইয়াৰ পূৰ্বেও বন বিভাগে বনাঞ্চলিক কাৰ্যালয়ৰ ভিন্ন স্থানৰ পৰা কেইবাটাও বালি তোলা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে। বন বিভাগৰ এনে অভিযানক সকলোৱে শলাগিছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস