নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰৰ ভূমিলৈ ভাৰতৰ চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ

বিশেষ বাৰ্তা, ১৪ জুলাই : অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ কৰা হয়। পূৰ্বৰ ঘোষণা অনুসৰি শুকুৰবাৰে দিনৰ ঠিক ২:৩৫ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-৩ চন্দ্ৰলৈ উৎক্ষেপণ কৰা হয়। ইতিমধ্যে কাউণ্ট ডাউন আৰম্ভ হৈছে। দেশবাসীয়ে এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল। ৪০ দিনৰ পাছত ২৩ বা ২৪ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব ৰোভাৰখন। ইছৰোৰ চন্দ্ৰযানত এল ভি এম-৩ ৰকেট ব্যৱহাৰ কৰা হৈছে। যিয়ে মহাকাশযানখনক শক্তি প্ৰদান কৰিব আৰু পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি দিব। এলভিএম-৩ হৈছে তিনি পৰ্যায়ৰ উৎক্ষেপণ বাহন। ইয়াৰ পূৰ্বে এই এল ভি এম-৩ কেইবাটাও কৃত্ৰিম উপগ্ৰহ আৰু চন্দ্ৰ অভিযানত ব্যৱহাৰ কৰা হৈছিল। ইয়াক ভাৰতীয় ৰকেটৰ ‘বাহুবলী’ বুলি কোৱা হয়। চন্দ্ৰযান-৩ৰ লেণ্ডাৰৰ নাম ‘বিক্ৰম’ আৰু ৰোভাৰৰ নাম ‘প্ৰজ্ঞান’। প্ৰথমতে চন্দ্ৰযানৰ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব, য’ত পানীৰ অণু পোৱা গৈছে। ২০০৮ চনত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ সময়ত হোৱা এই আৱিষ্কাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল। বিক্ৰমৰ উদ্দেশ্য হৈছে নিৰাপদ, কোমল অৱতৰণ। ইয়াৰ পিছত লেণ্ডাৰখনে ৰভাৰ প্ৰজ্ঞানক মুকলি কৰি দিব, যিয়ে চন্দ্ৰৰ পৃষ্ঠত ঘূৰি ফুৰিব আৰু বৈজ্ঞানিক পৰীক্ষা চলাব। উল্লেখ্য যে ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত ইছৰোৰ চন্দ্ৰযান-২-ই চন্দ্ৰত অৱতৰণ কৰিব নোৱাৰিলে। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ ভাৰতীয় সংগঠনটোৱে পুনৰ চন্দ্ৰ স্পৰ্শ কৰাৰ প্ৰস্তুতি চলায়। পূৰ্বৰ অভিযানত প্ৰেৰণ কৰা অৰ্বিটাৰখনে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। এইবাৰ চন্দ্ৰযান-৩ত থকা লেণ্ডাৰ আৰু ইয়াৰ ভিতৰত থকা ৰভাৰে চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সহায় লৈ চন্দ্ৰত অৱতৰণ কৰিব। যদি এই অভিযান সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হ’ব, যাৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিব।

You might also like