নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত স্বামী পৰিয়ালৰ নিৰ্যাতনত বোৱাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত কলপৰা গাঁৱত শোকাবহ ঘটনা। স্বামীৰ গৃহত শাৰীৰিক-মানসিক অত্যাচাৰৰ সন্মুখীন হৈ অৱশেষত চিকিৎসালয়ত মৃত্যুক সাৱতিলে ১৯ বছৰীয়া বোৱাৰীয়ে। কলপৰা গাৱৰ ৫০ ঊৰ্ধৰ দীপক আচাৰ্যীৰে ২০২০ চনত সামাজিকভাৱে বিবাহ হৈছিল উমাৰ। বিয়াৰ পাছৰ পৰাই উমাই স্বামী তথা পৰিয়ালৰ শাৰীৰিক-মানসিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল বুলি উত্থাপন হৈছে গুৰুতৰ অভিযোগ। আনকি খাবলৈ নিদি এটা কোঠাত আবদ্ধ কৰি ৰখাৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আনকি জন্ম দিয়া সন্তানটিক মাকৰ বুকুৰ পৰা কাঢ়ি আনি পেহীয়েকৰ ঘৰত ৰাখিছিল। মাতৃ দুগ্ধৰ পৰাও বঞ্চিত কৰিছিল শিশুটোক। অৱশেষত শাৰীৰিক মানসিক নিৰ্যাতনত জৰ্জৰিত হৈ মুমুৰ্ষ হৈ পৰা উমাক কালি অতি সংকটজনক অৱস্থাত স্থানীয় লোকৰ হেঁচাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ লগতে স্বামী দীপক আচাৰ্যীক আটক কৰি লৈ যায়। স্থানীয় লোকে স্বামীৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা ল’বলৈ দাবী জনাইছে ।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like