ভয়াৱহ খাদ্য সংকটৰ আগজাননী
ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হ’ব সমগ্র পৃথিৱী৷ ৰাছিয়া–ইউক্রেইন যুদ্ধৰ ফলত বিশ্বজুৰি দেখা দিছে খাদ্যশস্যৰ অভাৱে৷ বিশ্বৰ বহু দেশলৈ খাদ্যশস্য ৰপ্তানি কৰি আহিছিল ইউক্রেইনে৷ কিন্তু বিশ্বৰ অন্য প্রান্তলৈ খাদ্যশস্য ৰপ্তানিৰ ক্ষেত্রত সমুদ্র পথত কোনোধৰণৰ বাধাৰ সৃষ্টি নকৰে বুলি ৰাছিয়াই যি চুক্তিৰ প্রতি সহমত প্রদর্শন কৰিছিল, সেই চুক্তি এতিয়া ভংগ হৈছে৷ মাত্র তিনি দিন পূর্বে সেই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে ৰুছ ৰাষ্ট্রপতি পুটিনে৷ ইয়াৰ ফলত কৃষ্ণ সাগৰীয় পথেৰে খাদ্যশস্য সৰবৰাহ পুনৰ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে৷ লক্ষণীয় বিষয়টো হৈছে ইউক্রেইনত ৰুছ আক্রমণৰ ফলত খাদ্যশস্য, ইন্ধন বা আর্থিক সংকটৰ সন্মুখীন হৈছে সমগ্র বিশ্বৰ ১৬০ কোটি মানুহ৷ এই সংকট চলি থকাৰ সময়তে গুৰুত্বপূর্ণ চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰি ৰাছিয়াই কৃষ্ণ সাগৰীয় দুটাকৈ বন্দৰত ইউক্রেইনৰ খাদ্যশস্য সৰবৰাহ আন্তঃগাঁথনিৰ ওপৰত ক্ষেপণাস্ত্রৰে আঘাত হনাৰ ফলত ৬০ হাজাৰ টন খাদ্যশস্য আৰু গুদাম ধ্বংস হৈছে৷ লগে লগে ৰাছিয়াৰ এই আক্রমণক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ যোৱা বছৰ ৰাছিয়া–ইউক্রেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হয় খাদ্যশস্যৰ তীব্র নাটনি৷ কাৰণ বিশ্বৰ বহু দেশক খাদ্যশস্য যোগান ধৰি আহিছিল ইউক্রেইনে৷ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ইউক্রেইনৰ পৰা খাদ্যশস্য সৰবৰাহ বন্ধ হৈ পৰে কেইবাখনো দেশলৈ৷ এনে এক পৰিস্থিতি সৃষ্টি হোৱাৰ লগে লগে যুক্তৰাষ্ট্র আৰু তুৰস্কৰ মধ্যস্থতাত ২০২২ চনৰ ২৪ জুলাইত কৃষ্ণ সাগৰৰ ইউক্রেইনৰ বন্দৰবোৰেৰে খাদ্যশস্য ৰপ্তানিত অনুমতি প্রদান কৰে ৰাছিয়াই৷ এক চুক্তি অনুসৰি কৃষ্ণ সাগৰীয় পথেৰে ইউক্রেইনৰ খাদ্যশস্য বিশ্বৰ বিভিন্ন প্রান্তলৈ ৰপ্তানি হ’লে কোনোধৰণৰ বাধা নিদিয়ে ৰাছিয়াই৷ এইক্ষেত্রত ৰাছিয়াই নিৰাপদ সৰবৰাহৰ বিষয়টোক অগ্রাধিকাৰ দিব বুলি ঘোষণা কৰিছিল৷ কিন্তু সেই ঐতিহাসিক চুক্তিৰ পৰা ৰাছিয়াই সমর্থন প্রত্যাহাৰ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মাত্র কেইঘণ্টামানৰ ভিতৰতে অ’ডেছে আৰু মাইক’লাইভৰ বন্দৰত আক্রমণ চলায় ৰুছ বাহিনীয়ে৷ ৰুছ সেনাৰ ক্ষেপণাস্ত্রৰ আঘাতত এই দুয়োটা বন্দৰত খাদ্যশস্য মজুত কৰি ৰখা কেইবাটাও গুদাম ধ্বংস হয়৷ আন্তর্জাতিক সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ৰাছিয়াৰ এই আক্রমণত ধ্বংস হৈছে ৬০ হাজাৰ টন খাদ্যশস্য৷ তাৎক্ষণিকভাৱে ইউক্রেইনে এই ভয়াৱহ আক্রমণ বন্ধ হ’ব লাগে বুলি দাবী জনাইছে৷
অ’ডেছা আৰু মাইক’লাইভৰ বন্দৰত আক্রমণৰ পিছত কৰোনোম’স্কৰ বন্দৰত থকা খাদ্যশস্যৰ টার্মিনেলবোৰত ক্ষেপণাস্ত্রৰে আঘাত হানে ৰুছ সেনাই৷ অ’ডেছাৰ সামৰিক মুখপাত্র শ্বেৰহি ব্রাটছুকে উল্লেখ কৰা অনুসৰি, নিৰাপদ স্থানলৈ খাদ্যশস্য কঢ়িয়াই নিয়াৰ পূর্বেই ৰাছিয়াই আক্রমণ চলায়৷ এই আক্রমণ পূর্বপৰিকল্পিত আছিল বুলি ইউক্রেইনৰ প্রতিৰক্ষা মন্ত্রালয়ে ঘোষণা কৰিছে৷ ইফালে, এই আক্রমণৰ ঘটনাক গৰিহণা দিছে জার্মানী আৰু ফ্রান্সে৷ ইউক্রেইনৰ বন্দৰত ৰাছিয়াৰ ক্ষেপণাস্ত্রৰ আঘাত অকল ইউক্রেইনৰ বিৰুদ্ধে আক্রমণ নহয় বুলি উল্লেখ কৰি এয়া বিশ্বৰ ওপৰত আঘাত বুলি অভিহিত কৰিছে দুয়োখন ইউৰোপীয় দেশে৷ জার্মানীৰ বিদেশমন্ত্রী আন্নালেনা বাৰবোকে উল্লেখ কৰে যে অ’ডেছাত বোমা–ক্ষেপণাস্ত্রৰে আঘাত হনাৰ ফলত বিশ্বত খাদ্য যোগান ব্যৱস্থা ব্যাহত হ’ব৷ অর্থাৎ পৃথিৱীৰ বিভিন্ন দেশৰ অসংখ্য দুখীয়া লোকৰ ক্ষুধা বৃদ্ধি পাব এই আক্রমণৰ ফলত৷ প্রত্যক্ষভাৱে এই আক্রমণক বিশ্বৰ বিৰুদ্ধে আক্রমণ বুলি জার্মানী আৰু ফ্রান্সে অভিহিত কৰাৰ সময়তে ৰাষ্ট্রসংঘৰ তৰফৰ পৰাও ইয়াক গৰিহণা দিয়া হৈছে৷ বিশ্বৰ অন্যতম খাদ্যশস্য ৰপ্তানিকাৰী দেশ ইউক্রেইনৰ পৰা যোগান বন্ধ হৈ পৰিলে বিশ্ব বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ খাদ্যশস্যৰ দাম বৃদ্ধি পাব ৰকেটৰ গতিত৷ অকল সেয়াই নহয়, সমগ্র বিশ্বত অভাৱনীয় খাদ্য সংকটে দেখা দিব পাৰে৷ আনফালে, ইউক্রেইনৰ গুদামবোৰত লাখ লাখ টন খাদ্যশস্য নষ্ট হৈ যোৱাৰো আশংকা আছে৷ এনে পৰিস্থিতিত ৰাছিয়াক পূর্বৰ চুক্তিৰ প্রতি সহমত প্রদর্শনৰ বাবে সন্মত কৰাব নোৱাৰিলে বিশ্বজুৰি খাদ্য সংকট সৃষ্টি হোৱাটো নিশ্চিত৷ এই চুক্তিৰ পৰা ৰাছিয়াই সমর্থন প্রত্যাহাৰ কৰাৰ মূল কাৰণ হিচাপে দেখুৱাইছে যে সমুদ্র পথত সামগ্রী সৰবৰাহৰ ক্ষেত্রত ইউক্রেইনে ৰাছিয়াৰ প্রতি কোনোধৰণৰ সন্মান প্রদর্শন কৰা নাই৷ গতিকে কৃষ্ণ সাগৰৰ ইউক্রেইনী বন্দৰলৈ অহা জাহাজবোৰক অস্ত্রবাহী বুলি গণ্য কৰা হ’ব বুলি ঘোষণা কৰিছে ৰুছ ৰাষ্ট্রপতি পুটিনে৷ এনে অস্ত্রবাহী জাহাজৰ বিৰুদ্ধে আক্রমণ চলোৱা হ’ব বুলিও ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ে হুংকাৰ দিছে৷ এই হুংকাৰৰ প্রতিফলন ঘটিল অ’ডেছা আৰু মাইক’লাইভ চহৰৰ বন্দৰত৷ মাত্র এদিনতে ৰুছ ক্ষেপণাস্ত্রৰ আঘাতত দুয়োখন চহৰৰ বন্দৰত ৬০ হাজাৰ টন খাদ্যশস্য ধ্বংস হোৱা ঘটনা আশ্চর্যজনক তথা পৃথিৱীৰ বাবে ভয়াৱহ দিনৰ আগজাননী৷ এতিয়া এনে এক সংকটৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ ৰাষ্ট্রসংঘ তথা আন্তর্জাতিক সংগঠনসমূহে কেনেধৰণৰ তৎপৰতা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷ অন্যথা ৰাছিয়াৰ হিংস্র আক্রমণে বিশ্বৰ কোটি কোটি লোকক দুর্ভিক্ষৰ কবললৈ ঠেলি দিব৷