চীনা সেনাৰ প্রত্যাহ্বান হ’ব চি–২৯৫
🔹 ভাৰতীয় সেনাৰ বাবে স্পেইনৰ পৰা আহি আছে অত্যাধুনিক বিমান
বিশেষ বাৰ্তা, ২১ জুলাই : চীনা সেনাক যোগ্য প্রত্যুত্তৰ দিবলৈ এইবাৰ অধিক শক্তিশালী হ’ব ভাৰতীয় সেনা৷ চলিত মাহত স্পেইনৰ পৰা সামৰিক পৰিবহণ বিমান চি–২৯৫ৰ প্রথম বেটছ ভাৰতলৈ আহি আছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ স্পেইনৰ এই সামৰিক পৰিবহণ বিমান চি–২৯৫ ভাৰতীয় সেনাৰ হাতত পৰিলে লাডাখ, চিকিম আৰু অৰুণাচল প্রদেশৰ প্রকৃত ৰেখা (এল’চি)ৰ দুর্গম ঘাটিবোৰলৈ সহজে অস্ত্র আৰু ৰচদ–পাতি পৰিবহণ কৰা সম্ভৱ হ’ব৷ অর্থাৎ বর্তমান দুর্গম সামৰিক ঘাটিসমূহলৈ অস্ত্র আৰু ৰচদ–পাতি কঢ়িওৱাৰ ক্ষেত্রত যি কষ্টকৰ পৰিবহণ ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় সেনা, তাৰ অৱসান ঘটিব৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রই সদৰী কৰা অনুসৰি, আহত বা অসুস্থ সৈনিকসকলকো এই বিমানেৰে ওভতাই অনা সম্ভৱ হ’ব৷ ইয়াৰ উপৰি আকাশী পথত নজৰদাৰী কৰাৰ বাবেও ব্যৱহাৰ কৰা হ’ব চি–২৯৫ বিমান ৷ অৱশ্যে স্পেইনৰ পৰা চি–২৯৫ বিমানৰ প্রথম বেটছ ভাৰতলৈ অনা হ’লেও পৰৱর্তী কালত ‘মেক ইন ইণ্ডিয়া’ কার্যসূচীৰ অংশ হিচাপে ভাৰততে এই বিমান নির্মাণ কৰা হ’ব ৷ নির্মাতা সংস্থা এয়াৰ বাছ ডিফেন্স এণ্ড স্পেচৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, এই কামত সহযোগিতা আগবঢ়াব টাটা এডভান্সড ছিষ্টেমছ লিমিটেডে৷ স্মর্তব্য যে দুবছৰ পূর্বে ৬৫খন চি–২৯৫ বিমানৰ বাবে এয়াৰ বাছৰ সৈতে ২২ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল ভাৰতে৷ পৰহি এয়াৰ বাছ সংস্থাৰ ভাৰতীয় বিভাগৰ মুৰব্বী জর্জ টেমাৰিথে উল্লেখ কৰে যে আগন্তুক বছৰৰ মে’ মাহত দ্বিতীয় চি–২৯৫ বিমানখন ভাৰতলৈ আহিব৷ পূর্বে চুক্তি হৈছিল যে স্পেইনৰ নির্মাতা সংস্থাৰ পৰা ১৬খন বিমান ভাৰতীয় বায়ুসেনাৰ বাবে আমদানি কৰা হ’ব৷ পৰৱর্তী পর্যায়ত ৪০খন বিমান সেই সংস্থা আৰু টাটা গোষ্ঠীৰ সহযোগিতাতে ভাৰততে নির্মাণ কৰা হ’ব৷