আধা ঘণ্টাত তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি
বিশেষ বাৰ্তা, ২১ জুলাই : মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে তিনিবাৰকৈ জোকাৰি যায় জয়পুৰক। শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত ৰাজস্থান চহৰত প্ৰথমবাৰৰ বাবে ভূমিকম্প অনুভূত হয়। তাৰ পিছত জয়পুৰত ৩০ মিনিটৰ ভিতৰত আৰু দুবাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। স্থানীয় লোকে কম্পন অনুভৱ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। অৱশ্যে কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। জানিব পৰা মতে, ভূপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ আছিল। প্ৰথমটো ভূমিকম্প ৰিখটাৰ স্কেলত ৪.৪ প্ৰাবল্যৰ আছিল । ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আন দুটা ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.১ আৰু ৩.৪।