ম্যানমাৰক সকীয়ালে বিদেশ মন্ত্রী জয়শংকৰে
📌 শোচনীয় নকৰিব মণিপুৰৰ পৰিস্থিতি
বিশেষ বাৰ্তা, ২২ জুলাই : অশান্ত মণিপুৰৰ ঘটনাক লৈ প্রবল চাপৰ সন্মুখীন হৈছে কেন্দ্রীয় চৰকাৰ৷ এইবাৰ সক্রিয়তা দেখুৱাবলৈ তৎপৰ হ’ল বিদেশ মন্ত্রী এছ জয়শংকৰ৷ সম্প্রতি ম্যানমাৰৰ ‘ষ্টেট, পীচ এণ্ড ডেভেলপমেণ্ট কাউঞ্চিল’ৰ মুৰব্বী থান ছুইৰ সৈতে আলোচনাত সীমান্তৰ অশান্তিক লৈ সৰৱ হৈছে বিদেশ মন্ত্রী এছ জয়শংকৰ ৷ জয়শংকৰে থান ছুইক মণিপুৰৰ পৰিস্থিতি অতি শোচনীয় বুলি জনাই দি উত্তৰ–পূবৰ ৰাজ্যখনৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ ক্ষেত্রত ম্যানমাৰে যাতে কোনো পদক্ষেপ গ্রহণ নকৰে, সেই ক্ষেত্রত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ বিদেশ মন্ত্রীগৰাকীয়ে কয় যে ভাৰতে ম্যানমাৰৰ গণতান্ত্রিক প্রক্রিয়া ওভতাই অনাৰ প্রচেষ্টাক সমর্থন জনাইছে৷ স্মর্তব্য যে মণিপুৰসহ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ বিদ্রোহী সংগঠনসমূহৰ অন্যতম ঘাটি হৈছে ম্যানমাৰ৷ শেহতীয়াকৈ মণিপুৰৰ সংঘর্ষত ম্যানমাৰত আশ্রয় লৈ থকা বিদ্রোহী সংগঠনৰো হাত থকা বুলি নিশ্চিত হৈছে কেন্দ্রীয় চৰকাৰ৷