🔹 ভগ্ন কালভাৰ্ট মেৰামতি নকৰাক লৈ চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২২ জুলাই : ঐতিহ্যমণ্ডিত দুৱৰণী আলিৰ পৰা বৰ আলিত সংযোগ ঘটা ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰজাদিনীয়া চিপাহী আলিৰে ডেৰ মাহে সকলো ধৰণৰ দুচকীয়া-চাৰিচকীয়া বাহনৰ যাতায়াত বন্ধ হৈ থকা ঘটনাই ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে ৷ এটা ভগ্ন কালভাৰ্ট মেৰামতি কৰিবলৈ আহৰি নোপোৱা লোকনিৰ্মাণ বিভাগৰ চূড়ান্ত হেমাহিৰ প্ৰকৃত স্বৰূপ উদঙাই স্থানীয় ৰাইজে সম্ভাব্য দুৰ্ঘটনাৰ আশংকাত পথটোত বালিৰ বস্তা, বাঁহৰ খুঁটাত ৰঙা পতাকা আঁৰি পথটো বন্ধ কৰিবলৈ বাধ্য হোৱা ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ ৷ জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু লোকনিৰ্মাণ বিভাগৰ শিৱসাগৰ সদৰৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগতেই অৱস্থিত জয়সাগৰৰ মাজমজিয়াত থকা পথটোৰ দুৰৱস্থাই সাধাৰণ ৰাইজ, পথচাৰী সকলকো যমৰ যাতনা ভোগাইছে ৷ আহোম ৰাজ শাসনতেই ১৬৯৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰী গৌৰী বল্লভ দেৱালয়ৰ সমীপতেই পথটোৰ গুৰুত্বপূৰ্ণ কালভাৰ্টটো ভাঙি যাতায়াত ব্যাহত হোৱাৰ ফলত ঐতিহ্যমণ্ডিত দেৱালয়খনলৈ পূজা-অৰ্চনা তথা পৰিদৰ্শনৰ বাবে অহা পৰ্য্যটকসকল ব্যাপক সমস্যা সন্মুখীন হব লগা হৈছে ৷ ফলস্বৰূপে পথৰ মাজত কালভাৰ্ট ভাঙি সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতত পৰি কোনো কাৰণতেই যাতে নিৰীহ ব্যক্তি দুৰ্ঘটনাত পতিত হব লগা নহয়, তাৰ বাবেই এতিয়া স্থানীয় ৰাইজে বাঁহ বান্ধি পথ বন্ধ কৰাৰ লগতে নিশা পহৰাৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে ঐতিহাসিক ৰাজধানী তলাতল ঘৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ নিলগত অৱস্থিত চিপাহী আলিৰ বুকুত আজিও সজীৱ হৈ আছে বহু ইতিহাস ৷ তলাতল ঘৰৰ বাটচ’ৰা সংলগ্ন পথটোৰ গুৰুত্ব অপৰিসীম ৷ পথটোৰ কাষতেই থকা চাৰিশ বছৰীয়া পুৰণি শ্ৰীশ্ৰী গৌৰী বল্লভ দেৱালয়লৈ নিয়মিত আহে পৰ্য্যটক ৷ বিশেষকৈ ৰংপুৰ গাঁও পঞ্চায়তৰ দৰে এটা গুৰুত্বপূৰ্ণ কাৰ্য্যালয় সংযোগী তথা ঐতিহাসিক মেটেকাৰ দিশৰ পৰা শিৱসাগৰ কলেজলৈ অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থীসকলেও এই পথটো ব্যৱহাৰ কৰে ৷ সম্প্ৰতি পথটোৰ সোঁমাজত কালভাৰ্ট ভাঙি সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতটোৰ সন্দৰ্ভত স্থানীয় ৰাইজে বিগত সময়ছোৱাত একাধিকবাৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা বিষয়াক অৱগত কৰাৰ লগতে বাৰম্বাৰ সামাজিক মাধ্যমৰ যোগেদিও প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা চলাইছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে পথটো মেৰামতি, নতুন কালভাৰ্ট সংস্থাপনটো দূৰৈৰে কথা, মৃত্যুক হাতবাউলি মাতি থকা প্ৰকাণ্ড গাঁতটো পুঁতিবলৈ আহৰি নোপোৱা ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷ যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথৰ মাজৰ আৰু পথৰ কাষৰ প্ৰতিটো গাঁত তাৎক্ষণিকভাৱে পুতিবৰ বাবে জিলা উপায়ুক্তসমূহলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে, সেই সময়ত চিপাহী আলিত উন্মুক্ত হৈ মৃত্যুক হাতবাউলি মাতি থকা গাঁতটো পুতিবৰ বাবে ডেৰ মাহেও আহৰি নোপোৱা বিষয়া মণ্ডলীৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হব লক্ষণীয় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান