সীমা উভতি নাযায় গৃহভূমি পাকিস্তানলৈ
📌 মোদী–যোগীক অনুৰোধ
📌 পাকিস্তানী চোৰাংচোৱা নহয় বুলি দাবী
বিশেষ বাৰ্তা, ২২ জুলাই : ভাৰতীয় প্রেমিকৰ বাবে পাকিস্তানৰ পৰা পলাই অহা বোৱাৰী সীমা হায়দৰক লৈ ৰহস্যৰ অন্ত নাই ৷ এটা এটাকৈ ৰহস্যৰ ভেদ ভঙাৰ চেষ্টা কৰিছে উত্তৰ প্রদেশ আৰক্ষীৰ এটিএছ আৰু চোৰাংচোৱা সংস্থাসমূহে ৷ এটিএছ আৰু চোৰাংচোৱা সংস্থাসমূহৰ হাতত সীমা হায়দৰ সম্পর্কত এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ তথ্য আহি পৰিছে ৷ সীমা পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ কোনো চোৰাংচোৱা নে কি, তাক লৈ এতিয়াও নিশ্চিত হ’ব পৰা নাই ভাৰতীয় সংস্থাবোৰ ৷ কিন্তু সীমা কোনো সাধাৰণ বোৱাৰী বা মহিলা নহয় বুলি ইতিমধ্যে নিশ্চিত কৰিছে চোৰাংচোৱা সংস্থাসমূহে ৷ আনকি পাকিস্তানৰ গুপ্তচৰ হ’ব পাৰে বুলি সীমাক বাৰে বাৰে জেৰা কৰিছে এটিএছ আৰু চোৰাংচোৱা সংস্থাসমূহে৷ ইয়াৰ মাজতে সীমা হায়দৰে গৃহভূমি পাকিস্তানলৈ পুনৰ তেওঁক ওভতাই নপঠিয়াবলৈ অনুৰোধ জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক ৷ দুয়োগৰাকী নেতাক ‘ইণ্ডিয়া টুডে’’ৰ সৈতে হোৱা সাক্ষাৎকাৰৰ জৰিয়তে সীমা হায়দৰে অনুৰোধ জনাইছে যে তেওঁ পাকিস্তানৰ গুপ্তচৰ নহয়৷ গতিকে, তেওঁক পাকিস্তানলৈ ওভতাই পঠিয়াব নালাগে ৷ এদিন সত্য পোহৰলৈ আহিব বুলিও সীমাই সাক্ষাৎকাৰটোত উল্লেখ কৰে ৷