নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেষ্ট ইণ্ডিজৰ মাটিত শতৰানেৰে ইতিহাস কোহলিৰ

🔹 ৬ উইকেটত ৩৭৩ ৰান ভাৰতৰ

বিশেষ বাৰ্তা, ২১ জুলাই : নিজৰ ৫০০ সংখ্যক আন্তর্জাতিক ক্রিকেটত নজিৰ সৃষ্টি কৰিলে বিৰাট কোহলিয়ে৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্রথম ইনিংছত শতৰান অর্জন কৰে তেওঁ৷ টেষ্ট ক্রিকেটত এয়া আছিল কোহলিৰ ২৯সংখ্যক শতৰান৷ ক্রিকেটৰ তিনিওটা ফর্মেটত তেওঁ মুঠতে ৭৬সংখ্যক শতৰান পূর্ণ কৰে৷ ইপিনে, আন্তর্জাতিক ক্রিকেটত ৰানৰ নিৰিখত ৫ নম্বৰলৈ উন্নীত হয় বিৰাট৷ তেওঁ অতিক্রম কৰে দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰ জেক কালিছক৷ এই ইনিংছটোৰ ফলত বিৰাটে ৫০০সংখ্যক মেচত মুঠ ২৫,৫৬১ ৰান পূর্ণ কৰিবলৈ সক্ষম হয়৷ কালিছৰ মুঠ ৰান সংখ্যা হৈছে ২৫,৫৩৪৷ তালিকাৰ শীর্ষত থকা শচীন তেণ্ডুলকাৰে ৬৬৪খন আন্তর্জাতিক মেচত সংগ্রহ কৰিছে মুঠ ৩৪,৩৫৭ ৰান৷ প্রথম দিনা ৮৭ ৰানত অপৰাজিত আছিল প্রাক্তন অধিনায়কগৰাকী৷ দ্বিতীয় দিনা শতৰান কৰিবলৈ তেওঁ অধিক সময় নল’লে৷ চলিত বর্ষত এইটো তেওঁৰ দ্বিতীয় টেষ্ট শতৰান৷ আহমেদাবাদত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ১৮৬ ৰানৰ এটা দুর্দান্ত ইনিংছ খেলিছিল কোহলিয়ে৷ চলিত শৃংখলাৰ প্রথমখন মেচত ৭৬ ৰান কৰি বিদায় লোৱাৰ পাছত দ্বিতীয়খন মেচত শতৰানৰ সুযোগ হেৰুৱাব নিবিচাৰিলে তেওঁ৷ ধৈর্যশীল বেটিঙেৰে কোহলিয়ে ১২১ ৰান কৰি ৰানআউট হয়৷ তেওঁ ২০৬টা বলত ১১টা চাৰিৰ সহায়ত এই ইনিংছটো পূর্ণ কৰে৷ ৮০ ৰানত অধিনায়ক ৰোহিত শর্মাই বিদায় লোৱাৰ পাছত ৰবীন্দ্র জাদেজাই অর্ধশতৰান পূর্ণ কৰে৷ তেওঁ ১৫২টা বলত ৬১ ৰান সংগ্রহ কৰি আউট হয়৷ ভোজন বিৰতিলৈ ভাৰতে ৬ উইকেট হেৰুৱাই ৩৭৩ ৰান সংগ্রহ কৰিছে৷ সেই সময়ত ঈশান কিশনে ১৮ আৰু ৰবিচন্দ্রন অশ্বিনে ৬ ৰানত বেটিং কৰি আছে৷ ৱেষ্ট ইণ্ডিজৰ হৈ কেমাৰ ৰ’ছে সর্বাধিক দুটা উইকেটৰ পতন ঘটায়৷

You might also like