নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰ কাণ্ডৰ প্ৰভাৱ মিজোৰামত

📌 মেইটেইক ৰাজ্য এৰাৰ আহ্বান
বিশেষ বাৰ্তা, ২২ জুলাই : মণিপুৰ কাণ্ডৰ প্ৰভাৱ চুবুৰীয়া ৰাজ্য মিজোৰামতো পৰিল। মণিপুৰত কুকি আৰু মেইটেইৰ মাজত সংঘাতৰ আজি প্ৰায় তিনি মাহ হ’ল। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ ‘পামৰা’ নামৰ এটা সংগঠনে মিজোৰামত বাস কৰা মেইটেইসকলক ৰাজ্য এৰি যাবলৈ আহ্বান জনালে। অৱশ্যে সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত ৰাজ্য এৰি যাবলৈ মেইটেইক ‘অনুৰোধ’ জনোৱাৰ বিষয়ে অৱগত কৰে। এই বক্তব্যৰ পিছতেই মিজোৰাম চৰকাৰে মেইটেইসকলৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। শুকুৰবাৰে সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত কয় যে মণিপুৰৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মিজো যুৱক। গতিকে তেওঁলোকৰ নিজৰ ‘নিৰাপত্তা’ৰ বাবে মেইটেইক ৰাজ্য এৰি যাবলৈ কোৱা হৈছে। মিজোৰাম প্ৰশাসনৰ এক সূত্ৰৰ মতে, এই বিবৃতি পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু মেইটেইৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৰাজ্যখনত বসবাস কৰা মেইটেইসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আশ্বাস দিছিল।

You might also like