নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষয়িত্ৰী জুনু গগৈলৈ ৰাধাকৃষ্ণন ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ শিক্ষক বঁটা ২০২৩

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ জুনু গগৈক অলপতে ৰাধাকৃষ্ণন ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ শিক্ষক বঁটা ২০২৩ৰে সন্মানিত কৰে। নীৰৱতাৰে এক দীঘলীয়া সময় ধৰি শিক্ষকতাৰ সেৱাত ব্ৰতী হৈ দেশৰ ধৰণীস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ত্যাগ, একনিষ্ঠতা, সততা, দায়বদ্ধতাৰে সেৱা আগবঢ়াই অহা বৰ্তমান শিৱসাগৰ জিলাৰ দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুনু গগৈয়ে এই বঁটা লাভ কৰাৰ খবৰ পলমকৈ পোহৰলৈ আহিছে। উল্লেখ্য যে জুনু গগৈয়ে দেওৰজা জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ত ২৯টা বছৰ বিনাবেতনে হিন্দী শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত বৰ্ত্তমান দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। শিক্ষয়িত্ৰীগৰাকীৰ একাগ্ৰতা, কৰ্তব্যপৰায়ণতাৰ বাবে যোৱা মাৰ্চতে দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত বহুজনা সাহিত্য কলা একাডেমীয়ে ড° ৰাধাকৃষ্ণন শ্ৰেষ্ঠ শিক্ষক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। তদুপৰি বিগত বৰ্ষত ক্ৰমে ২০২২ চনত এচেৰেঙা ৰ’দালি অনুষ্ঠানৰ তৰফৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ড° এ পি জে আব্দুল কালাম অগ্নি বঁটা, গুৱাহাটীৰ অসম জ্ঞান ৰত্ন সমন্বয় সমিতিৰ দ্বাৰা “অসম জ্ঞান ৰত্ন বঁটাৰ” লগতে ২০২২ চনৰ ডিচেম্বৰত নতুন দিল্লীৰ বাবু জগজীৱন ৰাম কলা-সংস্কৃতিৰ তৰফৰ পৰা ড° বি আৰ আম্বেদকাৰ “ৰাষ্ট্ৰীয় সন্মান পদক” বঁটাৰে সন্মানিত কৰে। তদুপৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সন্মান বুটলিবলৈ সক্ষম হোৱা কৃতী শিক্ষয়িত্ৰীগৰাকী প্ৰয়াত গোপীনাথ গগৈ আৰু নাদুকী গগৈৰ কন্যা তথা আমগুৰি মৰা বজাৰ মানটনীয়া গাঁৱৰ নিৱাসী আনন্দ ফুকনৰ পত্নী। সহজ-সৰল জীৱন অতিবাহিত কৰা শিক্ষয়িত্ৰীগৰাকীৰ এনে সাফল্যত অঞ্চলবাসীয়ে গৌৰৱ কৰিছে।

You might also like