নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা প্রতাৰকে ভাৰতীয় লোকৰ পৰা সৰকালে ৭০০ কোটি

📌 হায়দৰাবাদত বাহৰ পাতি নেটৱর্ক সংস্থাৰ জাল

📌 লেবাননৰ বিদ্রোহী সংগঠন হেজবুল্লাৰেও সম্পর্ক

বিশেষ বাৰ্তা, ২৪ জুলাই : তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত কাম কৰি আছে চীনা নেটৱর্কে৷ এই চীনা নেটৱর্কৰ বিৰুদ্ধে প্রায় ৭০০ কোটি টকা প্রতাৰণাৰ অভিযোগ উঠিছে৷ দেশৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে এই বৃহৎ প্রতাৰণাত জড়িত থকাৰ অভিযোগত কেইবাগৰাকীও লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে অভিযোগ কৰা অনুসৰি, লেবাননৰ বিদ্রোহী সংগঠন হেজবুল্লাৰ সৈতে জড়িত হৈ আছে সংশ্লিষ্ট চীনা ‘বিনিয়োগকাৰীসকল’৷ অনলাইনত এই বিনিয়োগকাৰীসকলে বিনিয়োগ আৰু পার্ট টাইমৰ চাকৰি দিয়াৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰিছে৷ প্রতাৰণাৰ সৈতে জড়িত লোকসকলক বিচাৰি এতিয়া দেশজুৰি তালাচী চলাইছে হায়দৰাবাদ আৰক্ষীয়ে৷ হায়দৰাবাদ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই বৃহৎ চক্রত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে মহম্মদ মুনাৱাৰ, অৰুণ দাস, সমীৰ খান, ছাহ সুমেৰক গ্রেপ্তাৰ কৰা হৈছে৷ এওঁলোকৰ হায়দৰাবাদ আৰু মুম্বাইত বাসস্থানত তদন্তত নামি হায়দৰাবাদ আৰক্ষীয়ে জানিব পাৰিছে যে বিগত এবছৰ ধৰি দেশৰ হাজাৰ হাজাৰ মানুহক প্রতাৰণা কৰিছে এই সংস্থাই৷ দালালৰ জৰিয়তে অনলাইনত কামৰ টোপ দিয়া হয়৷ গুগল ৰিভিউত লেখালেখি, ইউটিউব ভিডিঅ’ লাইক কৰাৰ দৰে সৰু সৰু কামৰ জৰিয়তে প্রচুৰ টকা উপার্জনৰ সন্ধান দিয়া হৈছিল৷ এইধৰণে বছৰ ধৰি প্রতাৰণা কৰা হৈছিল বহু লোকক৷ এই অর্থ যোগান ধৰা হয় বিদ্রোহী সংগঠন হেজবুল্লাক৷ হায়দৰাবাদ আৰক্ষী আয়ুক্ত চিভি আনন্দে উল্লেখ কৰা অনুসৰি, চহৰখনৰ বাসিন্দা জনৈক শিৱকুমাৰে চাইবাৰ প্রতাৰণাৰ অভিযোগ কৰিছিল যোৱা এপ্রিল মাহত৷ শিৱকুমাৰে ১৮ লাখ টকা হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ কৰিছিল৷ এই অভিযোগৰ তদন্তত নামে আৰক্ষী৷ ক’ত এই ধনৰ লেনদেন কৰা হৈছে, সেই তদন্ত কৰিবলৈ গৈ বহু ভুৱা সংস্থাৰ সন্ধান পায় আৰক্ষীয়ে৷ এই সংস্থাসমূহৰ যিবোৰ বেংক একাউণ্ট আছে তাত ধন নাই৷ কিন্তু হঠাতেই ৫৮৪ কোটি টকা আহি সোমায় সেই একাউণ্টত৷ ইয়াৰ পিছতে আৰক্ষীৰ সন্দেহ অধিক ঘনীভূত হয় আৰু দেশজুৰি প্রতাৰকৰ জাল বিয়পি থকা বিষয়টো নিশ্চিত কৰে৷

You might also like