নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলাম হ’ব ঈশ্বৰৰ অস্তিত্বক লৈ বিজ্ঞানী আইনষ্টাইনে লিখা পত্র

📌 সযতনে ৰাখিছিল শিক্ষয়িত্রী মার্থা মাংকৰ উত্তৰসুৰীয়ে
বিশেষ বাৰ্তা, ২৪ জুলাই : বিজ্ঞানত ঈশ্বৰৰ ব্যাখ্যা কি? মহান বিজ্ঞানী এলবার্ট আইনষ্টাইনে ঈশ্বৰ বিশ্বাস কৰিছিলনে? ১৯৫০ চনত ধর্ম বিষয়ৰ শিক্ষয়িত্রী মার্থা মাংকে চিঠি লিখিছিল আইনষ্টাইনলৈ৷ এই পত্রৰ জৰিয়তে মাংকে জানিব বিচাৰিছিল আধুনিক পদার্থবিদ্যাৰ জনক আইনষ্টাইনে ঈশ্বৰ বিশ্বাস কৰে নে নাই৷ মার্থাৰ চিঠিৰ উত্তৰ দিছিল আইনষ্টাইনে ৷ আইনষ্টাইনে লিখা সেই চিঠিৰ নিলাম কৰিবলৈ ওলাইছে আমেৰিকান সংস্থা ‘দ্য ৰেব কালেকচন’–এ ৷ ১ লাখ ২৫ হাজাৰ ডলাৰৰ পৰা নিলাম আৰম্ভ হ’ব ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ১.০২ কোটি টকাৰ পৰা নিলাম দৰ লগোৱা হ’ব এই চিঠিত ৷ দীর্ঘদিন ধৰি মার্থাৰ এগৰাকী উত্তৰসুৰীৰ ওচৰত সযত্নে ৰখা হৈছিল আইনষ্টাইনৰ চিঠি ৷ মার্থাৰ প্রশ্ণৰ উত্তৰত আইনষ্টাইনে লিখিছিল– ‘ধর্ম গ্রন্থত লিখা কাহিনীবোৰক যিমান দিনলৈ আক্ষৰিক অর্থত লোৱা হ’ব, সাধাৰণ মানুহে কি বিশ্বাস কৰিব, সেয়া প্রত্যাশিতই৷’ আইনষ্টাইনে এই চিঠিখনত উল্লেখ কৰিছিল যে যিসকল ব্যক্তি বিজ্ঞানমনস্ক, তেওঁলোকৰ বাবে ব্রহ্মাণ্ডৰ সৃষ্টিৰ অন্তৰালত ধর্মৰ ব্যাখ্যা যুক্তিগ্রাহ্য নহয় ৷ কাৰণ তেনে ব্যক্তিয়ে সকলোতে বিজ্ঞানৰ যুক্তি বিচাৰে ৷ স্মর্তব্য যে জার্মানীত ফেচিষ্ট হিটলাৰ ক্ষমতালৈ অহাৰ পিছত ১৯৩৩ চনত আমেৰিকালৈ পলাই গৈছিল আইনষ্টাইনে ৷

You might also like