চিৰিয়াখানাত ৩ মহীয়া সোণালী বান্দৰৰ চিকিৎসা
বঙাইগাঁৱৰ কাকৈজানাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু মাতৃৰ
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কান্দি কান্দি সি অৱশেষত ভাগৰি পৰিছে৷ কি জীৱ–জন্তু, কি মানুহ সকলোৰে মর্মবেদনা একেই৷ মাতৃৰ মৃত্যুৰ পিছত ৩ মহীয়া সোণালী বান্দৰৰ পোৱালিটো এতিয়া অকলশৰীয়া৷ বিদ্যুৎ বিভাগৰ চূডান্ত অদূৰদর্শিতাৰ বাবে কম বয়সতে মাউৰা হ’ল কণমানি পোৱালিটো৷ বৃহস্পতিবাৰৰ ঘটনা আছিল এয়া৷ বঙাইগাঁও জিলাৰ কাকৈজানা বনাঞ্চলত দুষ্প্রাপ্য সোণালী বান্দৰ এটা বনাঞ্চলখনৰ সমীপৰ গাঁওখনত খাদ্যৰ সন্ধানত আহোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ পিছত বান্দৰটোৰ পোৱালিটোৱে কান্দি থকা দৃশ্যই হূদয় স্পর্শ কৰিছে সকলোৰে৷ অৱশেষত এই কণমানি মাতৃহাৰা সোণালী বান্দৰৰ পোৱালিটোক বৃহস্পতিবাৰে লৈ অনা হয় অসম ৰাজ্যিক চিৰিয়াখানালৈ৷ সম্প্রতি আই চি ইউত ৰখা হৈছে ৩ মহীয়া পোৱালিটোক৷ এতিয়াও সংকটমুক্ত নহয় সোণালী বান্দৰৰ পোৱালিটো৷ ডাঃ পঞ্চমী শর্মাৰ লগতে কেইবাগৰাকীও চিকিৎসকৰ তত্ত্বাৱধানত চলি আছে চিকিৎসা৷ অ’ আৰ এছ আৰু গাখীৰ খুৱাই ৰখা হৈছে সোণালী বান্দৰৰ পোৱালিটোক৷ ইফালে, চিকিৎসকৰ মতে কিছুদিন লাগিব সোণালী বান্দৰৰ পোৱালিটো সুস্থ হ’বলৈ৷ সোণালী বান্দৰটোৰ মৃত্যুৰ পিছত এতিয়া কণমানি পোৱালিটোৱে কান্দি থকা দৃশ্যই হূদয় চুই গৈছে সকলোৰে৷ সকলোৱে আশা কৰিছে– সুস্থ হৈ উঠক দুষ্প্রাপ্য সোণালী বান্দৰৰ পোৱালিটো৷