নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ যান–বাহন আইন উলংঘাৰে মহানগৰীত চলাচল কৰা চিটীবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে৷ কালি মহানগৰীৰ বিভিন্ন পথত অভিযান চলাই ৪০খন চিটী বাছ জব্দ কৰাৰ পিছত আজি পুনৰ দ্বিতীয় দিনাৰ বাবে ৰাজপথত পৰিবহণ বিভাগৰ ২০টা দলে অভিযান চলায়৷ অভিযান কালত পৰিবহণ বিভাগে ১৪খন চিটী বাছ জব্দ কৰাৰ লগতে ১৪,৫০০ টকা জৰিমনা সংগ্রহ কৰে৷ বিশেষকৈ নির্দিষ্ট পথৰ নং, অভিযোগ দাখিলৰ হোৱাটছএপ নম্বৰ নথকা, পথ সুৰক্ষা শ্লোগান নথকাৰ লগতে চলন্ত অৱস্থাত দুৱাৰ খোলা ৰখা আৰু যাত্রী উঠা–নমা কৰাত নির্দেশনা অমান্য কৰা চিটীবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ দলকেইটাই অভিযান চলায়৷ আজিৰ অভিযান কালত পৰিবহণ বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷