নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্ৰুতগতিত বৃ্দ্ধি দেশৰ উন্নয়ন : ৰাজকোটত প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ২৭ জুলাই : দুদিনীয়া গুজৰাট ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি প্ৰায় ৩.১৫ বজাত ৰাজকোটত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁৰ আগমনৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজকোটত উপস্থিত হয়। ইয়াৰ মাজতে তেওঁ ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰে। ১৪০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বিমানবন্দৰটো শীঘ্ৰে মুকলি কৰা হ’ব। ২৩ হাজাৰ বৰ্গমিটাৰত নিৰ্মিত এই বিমানবন্দৰটোৱে প্ৰতি ঘণ্টাত ১২৮০জন যাত্ৰীক চম্ভালিব পৰা ক্ষমতা আছে। বিমানবন্দৰটোত সৌৰশক্তি ব্যৱস্থা, গ্ৰীন বেল্ট, বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা আছে। ইয়াৰ পৰা এয়াৰবাছ এ-৩৮০, বয়িং ৭৪৭, বয়িং ৭৭৭ আদি বিমানে উৰণ আৰু অৱতৰণ কৰিব পাৰিব। ৰাজকোটত সভাত ভাষণ দি মোদীয়ে কয়, ৰাজকোটে মোক বহুত দিছে, মই আৰম্ভণিতে কৈছিলোঁ যে ই মিনি জাপান হৈ পৰিছে। আজিৰ এই প্ৰকল্পই গুজৰাটৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিবলৈ গৈ আছে। আমি সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে কাম কৰিছো, সেয়া জনজাতীয় হওক বা কোনো বিশেষ জাতিৰ বাবেই হওক। দেশক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ কাম আমি আমাৰ চৰকাৰত কৰিছোঁ। তেওঁ আৰু কয়, “আজি দেশত উন্নয়নৰ গতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি ৰাজকোটৰ লগতে সমগ্ৰ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ বাবে এটা ডাঙৰ দিন। প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব বিচাৰিছোঁ। ৰাজ্য চৰকাৰে যিমান পাৰি সোনকালে সকলো পৰিয়ালৰ জীৱন স্বাভাৱিক কৰি তুলিবলৈ কাম কৰি আছে, কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াইছে।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো তেতিয়া মই কৈছিলো যে গুজৰাট মিনি জাপানত পৰিণত হৈছে, তেতিয়া বহুতে মোক ঠাট্টা কৰিছিল, কিন্তু আজি সেয়া বাস্তৱ।” ইফালে সৌৰাষ্ট্ৰত ২ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পাছতে নিশাটো ৰাজভৱনত থাকিব। য’ত তেওঁ বহু বিজেপি নেতাক সাক্ষাৎ কৰিব। পিছদিনা প্ৰায় ১০.৩০ বজাত গান্ধীনগৰত মহাত্মা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া ছেমিকন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে বহু উন্নয়নমূলক প্ৰকল্পৰ লগতে সৌৰাষ্ট্ৰবাসীক জীৱনদায়ক ‘সৌৰাষ্ট্ৰ নৰ্মদা অৱতাৰণ জলসিঞ্চন’ (SAUNI) আঁচনিৰ এক ডাঙৰ উপহাৰ দিব। গুজৰাট চৰকাৰে SAUNI আঁচনিৰ অধীনত লিংক-৩ৰ পেকেজ ৮ আৰু পেকেজ ৯ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। এই প্ৰকল্পটো সৌৰাষ্ট্ৰবাসীৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পূৰ্বে তেওঁ ৰাজস্থানৰ ছিকাৰত ছালফাৰ আৱৰণযুক্ত ইউৰিয়া গোল্ড মুকলি কৰিছিল; নিম আৱৰণযুক্ত ইউৰিয়াতকৈ ই অধিক অৰ্থনৈতিক আৰু ফলপ্ৰসূ হ’ব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ৮.৫ কোটি হিতাধিকাৰীৰ বেংক একাউণ্টত ডিবিটিৰ জৰিয়তে প্ৰায় ১৭০০০ কোটি টকাৰ চতুৰ্দশ কিস্তি মুকলি কৰি দিয়ে।

You might also like