🔴 বিটিচিত উন্নয়নৰ ফোঁপোলা স্বৰূপ
নিয়মীয়া বাৰ্তা, ৩১ জুলাই : বিটিচিৰ উন্নয়নৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও বিগত চল্লিশ বছৰে এখন দলং নিৰ্মাণ কৰিব নোৱাৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে। বিধ্বস্ত এখন কাঠৰ দলঙে বিটিচিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। দলংখন হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা বিটিচিৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ মোৱামাৰী গাঁৱত থকা গড়কাপ্টানী পথৰ এখন দলং। দীৰ্ঘদিন ধৰি তেনেদৰে চলি আহিছে। দলংখনেৰে কোনেও নিৰাপদে অহা-যোৱা কৰিব নোৱাৰে। জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আছে শ শ লোকে। এখন পকী দলং নথকাত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী বিপাঙত পৰিছে । এই দলংখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সঘনাই সংঘটিত হয় দুৰ্ঘটনা । প্ৰতিটো নিৰ্বাচনত এইখন দলং এটা ইছ্যু হৈ পৰে। ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিয়ে যদিও কোনো দলে আজিলৈকে দলংখন বনোৱাৰ বাবে ব্যৱস্থা নকৰিলে। নিৰ্বাচনৰ আগমুহুৰ্তত ৰাজনৈতিক দলৰ নেতাসকলে বাঁহ-কাঠ দি দলংখন কোনোমতে মেৰামতি কৰে আৰু নিৰ্বাচনৰ পিছত পাহৰি যায় । উক্ত দলংখন জৰাজীৰ্ণ হৈ থকাৰ বাবে জৰুৰীকালীন সুবিধাৰ পৰাও বঞ্চিত হৈ আছে প্ৰায় ৫-৭খন গাঁৱৰ ৰাইজ।
প্ৰেৰক কৃষ্ণ বৰ্মন