নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাত সাম্প্ৰদায়িক হিংসাত ৩জনৰ মৃত্যু

বিশেষ বাৰ্তা, ১ আগষ্টঃ হাৰিয়ানাৰ নুহ আৰু মেৱাটত সংঘটিত সাম্প্ৰদায়িক হিংসাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে আৰু শ শ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। ৰাজ্যৰ বাকী অংশতো উত্তেজনা বিয়পিছে, যাৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন আৰু ধাৰা ১৪৪ জাৰি কৰা হৈছে। শোভাযাত্ৰাৰ সময়ত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা লোৱাৰ কথা কৈছে, আনহাতে বিৰোধীয়ে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে ভয়ানক দৃশ্যৰ কাহিনী বৰ্ণনা কৰিছে। আচলতে শোভাযাত্ৰা নুহৰ শিৱ মন্দিৰলৈকে উলিয়াই অনা হৈছিল। সেইবাবেই ইতিমধ্যে মন্দিৰত বৃহৎসংখ্যক ভক্ত উপস্থিত আছিল। এই মন্দিৰৰ পৰা প্ৰায় ৬০০ মিটাৰ দূৰত্বত হিংসাত্মক ঘটনা সংঘটিত হয়, তাৰ পিছত ৫০খনতকৈও অধিক বাহনত অগ্নিসংযোগ কৰা হয়। মন্দিৰৰ চাৰিওফালে শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। শিৱ মন্দিৰৰ পুৰোহিতগৰাকীৰ মতে, “হঠাতে দুপৰীয়াৰ পিছত পৰিস্থিতি অধিক বেয়া হৈ পৰিল। আমাক মন্দিৰৰ ভিতৰতে ৰখা হ’ল। সেই সময়ত মন্দিৰৰ ভিতৰত ভগ্নী-কন্যাকে ধৰি প্ৰায় ৪ হাজাৰ লোক আছিল। নুহৰ বিধায়ক আফতাব আহমেদে হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে হিংসাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এয়া আৰক্ষী আৰু হাৰিয়ানা চৰকাৰৰ ব্যৰ্থতাৰ ফল। ক’ৰবাত আহি আছে মনু মানেছাৰৰ নাম, ক’ৰবাত আহি আছে বিট্টু বজৰংগীৰ নাম। এই লোকসকলে ছ’চিয়েল মিডিয়াত প্ৰত্যাহ্বান জনাইছিল। ইয়াত এক ষড়যন্ত্ৰ ৰচনা কৰা হ’ল আৰু পৰিৱেশৰ সৃষ্টি হ’ল। আমি ইতিমধ্যে এই বিষয়ে প্ৰশাসনক সকীয়াই দি কৈছিলো যে আৱেগক উচটনি দিয়াৰ কাম চলি আছে। ইয়াৰ পিছতো কোনো পদক্ষেপ লোৱা নহ’ল।

You might also like