নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজৰং দলৰ দুই সদস্যক আদালতত হাজিৰ

বিশেষ বাৰ্তা, ২ আগষ্টঃ ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্য বিজয় ঘোষ আৰু গোপাল বড়োক আদালতত হাজিৰ কৰোৱা হৈছে। গোপাল বড়োক এদিনৰ জিম্মাত লয় আৰক্ষীয়ে৷ বিজয় ঘোষক জেল-হাজোতলৈ প্ৰেৰণ৷ বড়োক আৰক্ষীয়ে তিনি দিনৰ জিম্মাত বিচাৰিছিল ৷ আৰক্ষীয়ে নিশা বিজয় ঘোষক মঙলদৈৰ নিজ গৃহৰ পৰা আটক কৰাৰ লগতে গোপাল বড়োক ওদালগুৰিৰ ডিমাকুছিৰ পৰা আটক কৰিছিল। দুই মুল অভিযুক্তক সুব্ৰত দাস আৰু অভিজিৎ ঘোষক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই দৰং আৰক্ষীয়ে। ইয়াৰোপৰি আন সদস্যসকল পলাতক অৱস্থাত আছে।

You might also like