নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ কঠালগুৰিত গাড়ীসহ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা,  ৪ আগষ্ট : নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীয়ে যোৱানিশা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই এখন টাটা ডি আই গাড়ী সহ অৰ্ধলক্ষাধিক টকাৰ চোৰাং মাকৰি শালৰ ফান্ট্ৰা জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত কঠালগুৰি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়৷ পৰৱৰ্তী সময়ত বন কৰ্মীৰ দলটোৱে কঠালগুৰিৰ জাৰোৱাগাঁও অঞ্চলৰ পথত চোৰাং কাঠ কঢ়িয়াই অনা এখন নম্বৰ বিহীন টাটা ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ গ্ৰহন কৰি গাড়ী খনৰ চালক আৰু চোৰাং কাঠ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ বন বিভাগে যোৱানিশা জব্দ কৰা ৪২ টা চোৰাং মাকৰি শালৰ ফান্ট্ৰাখিনিৰ আনুমানিক বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়াৰ লগতে উক্ত জব্দ কৰা গাড়ী খন চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like