নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক মুষলধাৰ বৰষুণতেই দৰ্পচূৰ্ণ শিৱসাগৰ পৌৰসভাৰ

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ ঐতিহাসিক শিৱসাগৰ চহৰবাসীক সৰ্বতোপ্ৰকাৰে সকলো দিশৰ পৰাই সুুৰক্ষা প্ৰদান কৰি অহা বুলি দাবী কৰা শিৱসাগৰ পৌৰসভাৰ সকলো দম্ভ-অহংকাৰ দৰ্পচুৰ্ণ কৰি দিলে আজি নিশাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণে৷ নিশা সাত মান বজাৰ পৰা এঘন্টা ধৰি অব্যাহত থকা বৰষুণ জাকৰ ফলত শিৱসাগৰ চহৰৰ হৃদপিণ্ড স্বৰূপ দলমুখ চাৰিআলি সম্পুৰ্ণৰূপে পানীত বুৰ যায় ৷ চহৰ খনৰ পানী ওলাই যাব পৰা নৰ্দমা সমুহ সময় মতে চাফা নকৰাৰ লগতে অ-বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা একাংশ নৰ্দমাইদি বৰষুণৰ পানী সঠিকভাৱে প্ৰৱাহিত নোহোৱাৰ ফলতেই নিশা সাত বজাৰ পৰা আঠ বজা পৰ্য্যন্ত চহৰখনত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ৷ নগৰৰ দলমুখ চাৰিআলিৰ লগতে বাবুপট্টী পথ, আমোলাপট্টী, হস্পিতেল ৰোড, অ এন জি চি কলনি ,নিউ কলনিৰ লগতে প্ৰায় কুৰিটা স্থানত হৰ্ঠাত বৰষুণৰ পানীয়ে সৃষ্টি কৰে এক কৃত্ৰিম বান সদৃৰ্শ পৰিৱেশৰ ৷নগৰ খনৰ মূল মূল পথ কেইটাৰ বিভিন্ন অংশ পানীত বুৰ যোৱাৰ ফলত যাতায়ত স্থৱিৰ হৈ পৰে ৷ইফালে নৰ্দমাৰ পানী ,জাবৰ জোঠৰৰ লগতে পথৰ ওপৰত জমা হোৱা বৰষুণৰ পানী একাকাৰ হৈ পৰাৰ ফলত পথচাৰী সকল ব্যাপক সমষ্যাৰ সন্মুখীন হব লগাত পৰে ৷ আনহাতে চহৰ খনৰ প্ৰায় আশী শতাংশ নৰ্দমা আওঁ পুৰণি হোৱাৰ লগতে জাবৰ-জোঠৰ, বালি-মাটিয়ে নৰ্দমাৰ গভীৰতা বহু পৰিমাণে হ্ৰাস কৰি অনাৰ ফলত নৰ্দমাৰ পানী বহণ ক্ষমতা বহু পৰিমাণে কমি আহিল ৷ইয়াৰোপৰি পেলনীয়া নিষিদ্ধ প্লাষ্টিকৰ কেৰিবেগেও নৰ্দমা সমুহ আংশিক ভাৱে বন্ধ কৰাৰ ফলত এনে সমষ্যাৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে ৷ইফালে শতিকাজুৰি শিৱসাগৰ চহৰখনক বানমুক্ত কৰি ৰখা ঐতিহাসিক যমুনাৰ বেদখলো ইয়াৰ অন্য এক কাৰণ হিচাবে বিবেচিত হৈছে ৷ শিৱসাগৰ চহৰখনত বৰষুণৰ সময়ত গোট খোৱা অতিৰিক্ত পানী যমুনা জলাশয়ে নিজৰ বুকুত সামৰি লৈছিল ৷কিন্তু সম্প্ৰতি যমুনা জলাশয়ত বেদখলকাৰীয়ে অট্টালিকা নিৰ্মাণ কৰাৰ ফলত সংকুচিত যমুনাই বৰষুণৰ পানী সামৰি ৰখাত ব্যৰ্থ হোৱাৰ ফলত এজাক বৰষুণতেই বুৰ যাবলৈ ধৰিছে শিৱসাগৰ চহৰ খন ৷তেনেস্থলত কমিচনৰ অংশ ভাগ বটোৱাৰা,দালাল বাহিনীৰ দৌৰাত্ম্য,পচণ্ডৰ মানুহক হাট – বজাৰ, বাট – ঘাটৰ ঠিকা কামৰ নামত ৰমৰমীয়া বজাৰ বহোৱাই চহৰবাসীৰ গুৰুত্বপুৰ্ণ সমষ্যা সমুহক একাষৰীয়া কৰি আস্থা-অনাস্থাৰ ভঙা-পতা খেলত নিমগ্ন শিৱসাগৰ পৌৰসভাই কেতিয়াকৈ ঐতিহাসিক শিৱসাগৰ চহৰক বানমুক্ত কৰাৰ বাস্তৱ সন্মত পৰিকল্পনা হাতত লব সেইয়াহে এই মুহূত্বত লাখ টকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like