নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা অঞ্চলৰ একমাত্ৰ পুৰণি উচ্চ শিক্ষা প্ৰতিস্থান পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু শিক্ষক গোটৰ শ্ৰম দানেৰে বিদ্যালয়ৰ চৌহদত টিন পাতেৰে বেৰা নিৰ্মাণ কৰি উদঙীয়া গৰু ছাগলীৰ উপদ্ৰৱৰ পৰা বিদ্যালয়ৰ পৰিবেশ সুৰক্ষিত কৰে৷ বৃহত্তৰ পশ্চিম ঢকুৱাখনা অঞ্চলৰ শিক্ষানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৬৬ চনতে গঢ় লৈ উঠা শিক্ষানুষ্ঠানটিয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা উপৰিও বিদ্যালয়খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ আছে আৰু বছৰ বছৰ ধৰি সুকলমে দুয়োটা পৰীক্ষা অনুস্থিত হৈ আহিছে যদিও বিদ্যালয়খনত স্বায়ী বেৰা নথকাত উদঙীয়া গৰু ছাগলীয়ে প্ৰতিদিনে বিদ্যালয়ৰ পৰিবেশ কদৰ্যময় কৰি তোলে ৷ তদুপৰি প্ৰতিদিনে বিদ্যালয়খনৰ চৌহদৰ পৰা গৰু ছাগলীৰ মল মূত্ৰ চাফা কৰিব লগা হোৱা পৰিবেশৰ পৰা পৰিত্ৰাণ বিচাৰি বিদ্যালয় খনৰ অধ্যক্ষা দুলু শইকীয়াৰ প্ৰচেষ্টাত শিক্ষক/শিক্ষয়িত্ৰী সকলৰ লগত আলোচনাৰে মিলিত হৈ জুলাই মাহৰ দৰ্মহাৰ আংশিক অনুদানেৰে প্ৰায় ২০ বাণ্ডিল টিনপাত ক্ৰয় কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলৰ সহযোগত বাঁহ আদি যোগাৰ কৰি শিক্ষক আৰু অভিভাৱকৰ সমুহীয়া শ্ৰম দানেৰে বিদ্যালয় খনৰ চাৰি বেৰা নিৰ্মাণ কৰি উদঙীয়া গৰু ছাগলী উপদ্ৰৱৰ পৰা ৰক্ষা কৰি বিদ্যালয়ৰ পৰিবেশ সুৰক্ষিত কৰে৷ আনহাতে আজি বিদ্যালয়খনৰ বেৰা নিৰ্মাণত শ্ৰমদান কৰা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে শ্ৰমদানৰ অন্তত মিলিত হৈ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অঞ্চলটোৰ একমাত্ৰ পুৰণি বিদ্যালয়খনৰ চাৰি বেৰাৰ স্বায়ী নিৰ্মাণ কৰি বিদ্যালয়খনৰ শৈশিক পৰিবেশ সুৰক্ষিত কৰিবলৈ দাবী জনাই এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষাবিভাগৰ লগতে স্বানীয় বিধায়ক নৱ কুমাৰ দলে আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতক্ষ্য হস্তক্ষেপৰো দাবী জনায়।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি