নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰত এখন চোৰাং গৰু সৰবৰাহকাৰী বিলাসী বাহন আৰু এখন মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষত মটৰ চাইকেলখনৰ চালকগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে বাহনখনৰ চালকগৰাকীও গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা গৌৰীপুৰৰ চুপাৰমাৰ্কেট অঞ্চলত এএচ০১/বিই ৭৭৮৫ নম্বৰৰ এখন তীব্ৰ বেগী টাটা ইণ্ডিকো বাহনে এখন মটৰ চাইকেলক খুন্দিয়ায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ গুৰুতৰ আহত অৱস্থাত থকা গাড়ী আৰু মটৰ চাইকেল চালক দুগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। কিন্তু দূৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়খনতে বাইক আৰোহী আকিব আহমেদৰ মৃত্যু হয়। জানিব পৰা মতে মৃত আহমেদৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মতিৰচৰত। ইপিনে দূৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত ইণ্ডিগো বাহনখনৰ চালক জুৱেল আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হোৱা বুলি প্ৰকাশ। জুৱেল আলীৰ ঘৰ ধুবুৰী জিলাৰ তানাৰহাট অঞ্চলত। উল্লেখ্য যে, দূৰ্ঘটনাগ্ৰস্থ সেই চাৰিচকীয়া বাহনখনৰ পৰা তিনিটাকৈ গৰু আহত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই বিলাসী সেই বাহনখনেৰে গৰু সৰবৰাহ কৰা হৈ আছিল বুলি নিশ্চিত হৈ পৰিছে। তাৰেই প্ৰেক্ষাপটত, গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰসমূহে নতুন কৌশল ৰূপে বহিঃ ৰাজ্যৰ পৰা বিলাসী বাহনেৰে গৰু সৰবৰাহ কৰি থকা বুলি একাংশ মহলৰ সন্দেহ সঁচা বুলিয়েই প্ৰতিপন্ন হৈছে। সমান্তৰালকৈ ধুবুৰী জিলাৰ অসম-পশ্চিমবংগ সংলগ্ন ছাগলীয়া অথবা বিটিএডিৰ শ্ৰীৰামপুৰৰ পৰা তামাহাট হৈ ধুবুৰী জিলাত প্ৰৱেশ কৰা গৰুবাহী বিলাসী বাহনবোৰক নাকি লগাবলৈ ব্যৰ্থ হৈছে নেকি বুলিও জিলাখনৰ কেইবাটাও থানা আৰু আৰক্ষী চকীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপিত হোৱা পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী