নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চিৰ অসম সম্পদ নাজিৰাই শেহতীয়াকৈ আহব্বান কৰা গাড়ীৰ নিবিদাত ব্যাপক বিসংগতি আৰু এই সন্দৰ্ভদ নিগম কৰ্তৃপক্ষ – জিলা প্ৰশাসনৰ ৰহস্যজনক ভূমিকা তথা নিবনুৱা বিৰুধী স্থিতিৰ বিৰুদ্ধে গৰজি উঠা অসমীয়া যুৱ মঞ্চই অৱশেষত ঘোষণা কৰিলে নিগম বন্ধৰ দৰে কঠোৰ কাৰ্য্যসূচী ৷শিৱসাগৰ প্ৰেছ ক্লাবত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত জিলা সমিতিয়ে আয়োজন কৰা এখন সংবাদ মেলত অহা ৯ আগষ্টত ২৪ ঘন্টীয়া অ এন জি চি বন্ধৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে, অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে অ এন জি চিৰ সদ্য প্রকাশিত ৩৭২ খন লঘু যান-বাহনৰ নিবিদাৰ ক্ষেত্ৰত প্ৰকাশিত বিজ্ঞাপনত কেতবোৰ গুৰুত্বপুৰ্ণ বিসংগতি থকাৰ কথা স্পষ্ট কৰি যোৱা ২৭ জুলাইত তেল আৰু গেছ নিগমৰ কাৰ্যবাহী সঞ্চালকৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি নিবিদাৰ ক্ষেত্ৰত নিবনুৱা সকলৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছিল। বিশেষকৈ বাণিজ্যিক বাহনৰ অভিজ্ঞতা ৫ বছৰ ধাৰ্য্য কৰি অভিজ্ঞ লোক সকলৰ সাংবিধানিক ভাৱে থকা অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত নকৰি নিৰ্ধাৰিত সময় অতি কমেও এক মাহ নিৰ্ধাৰণ কৰি নতুনকৈ নিবিদাত অংশ গ্ৰহণ কৰিম বুলি ভবা নিবনুৱা সকলক অংশ গ্ৰহণৰ সুবিধা কৰি দিবলৈ দাবী জনোৱা হৈছিল যদিও আজি পৰ্য্যন্ত কোনো গুৰুত্ব আৰোপ নকৰাত সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰি আজি শিৱসাগৰ প্ৰেছ ক্লাৱত শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত সংবাদমেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত শিৱসাগৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ প্ৰমোখ্যে ধৰ্মকান্ত গগৈ, দীপাংকৰ নাথ, জিলা সমিতিৰ সভাপতি যদুমণি কলিতা, সচিব প্রধান বিষ্ণুজ্যোতি শইকীয়া আৰু কেইবা গৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি অ এন জি চিৰ বিৰুদ্ধে পুনৰ সৰব হৈ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতিশীঘ্ৰে নিবিদাৰ ক্ষেত্ৰত যুৱ মঞ্চই দাবী জনোৱা চৰ্ত সমূহ পূৰণ কৰিবলৈ দাবী জনায় ।আনহাতে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অ এন জি চিৰ খনন কাৰ্য চলাই কোটি কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে তেল খনন কার্য চলি থকা বহু প্রান্তত উন্নয়ন মূলক কাম কাজ কৰা বিশেষভাৱে পৰিলক্ষিত হোৱা নাই।দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দৃষ্টি গোচৰ হোৱা নাই বুলিও সংগঠনটোৰ নেতৃবৰ্গই অভিযোগ কৰে। ইয়াৰোপৰি শিৱসাগৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ বিপুল দাবীত শিৱসাগৰবাসীয়ে লাভ কৰা অ, এন জি চিৰ অধীনস্থ চ্যুকাফা হস্পিতেল আৰু অ এন জি চিত বিশেষকৈ নিয়োগৰ ক্ষেত্ৰত থলুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰতো কোনো গুৰুত্ব আৰোপ নকৰা কাৰ্য্যত সৰৱ হৈ উঠে সংগঠনটো ৷ ইফালে অ এন জি চিৰ মুখ্য কাৰ্যালয় নাজিৰাত অৱস্থিত যদিও আজি পৰ্য্যন্ত নাজিৰাক তৈল নগৰী হিচাপে ঘোষণা নকৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে৷ যাৰ পৰিপ্ৰেক্ষিত্বত উল্লেখিত বিষয় সমূহ সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবীত অহা ৯ আগষ্টত ২৪ ঘন্টীয়া অ এন জি চিৰ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে বুলি স্পষ্ট কৰি দিয়ে ৷ ইমানৰ পিছতো যদি নিগম কৰ্তৃপক্ষই উল্লেখিত দাবী সমুহৰ ক্ষেত্ৰত বিশেষ গুৰুত্বতা আৰোপ নকৰে তেন্তে পৰৱৰ্তী সময়ত অ এন জি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দিয়ে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান