নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোষ্টেলৰ KGৰ ছাত্ৰক উদ্ধাৰ ৰাজপথত : মাৰ্ঘেৰিটাৰ ভয়ংকৰ ঘটনা

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ বিভিন্ন সময়ত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ মইমতালিৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় চেইন্ট জেমছ স্কুলৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাই সকলোৰে চকু কপালত তুলিছে। বিদ্যালয়খনৰ কে জিত অধ্যয়নৰত তথা হোষ্টেলত থকা এগৰাকী ৬ বছৰীয়া ছাত্ৰক উদ্ধাৰ ৰাজপথত। কোনোলোকে ৰাজপথত অকলে পাই শুকুৰবাৰে সন্ধিয়া চমজাই দিয়ে মাৰ্ঘেৰিটা থানাত। জানিব পৰা মতে, ছাত্ৰজনে অকলে ওলাই আহিছিল হোষ্টেলৰ পৰা। ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰে সমগ্ৰ ঘটনাটো। পাছত আৰক্ষীৰ লগতে বিভিন্ন জনৰ তৎপৰতাত শিশুটোৰ পিতৃ -মাতৃৰ পৰিচয় ঠিকনা উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সবিশেষ অৱগত হয়। বিদ্যালয়খনৰ হোষ্টেলৰ পৰা শিশুটো কেনেকৈ ওলাই আহিবলৈ পালে সেইয়া চৰ্চাৰ বিষয় হিচাপে চিহ্নিত হৈছে। উক্ত দিনা যদি কোনো সদাশয় ব্যক্তিয়ে শিশুটিক উদ্ধাৰ নকৰিলেহেঁতেন তেনেহলে হয়তো এটা কৰুণ ঘটনা সংঘটিত হলহেঁতেন। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এই চূড়ান্ত গাফিলটিৰ বাবে বিদ্যালয়ৰ স্বত্বাধিকাৰ, অধ্যক্ষ আৰু হোষ্টেলৰ ৱাৰ্ডেনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী সকলোৰে। বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাক সকলোৱে একমুখে ধিক্কাৰ দিয়াৰ লগতে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমাধিপতিক দাবী জনাইছে। অন্যহাতে বিদ্যালয়খনত উক্ত সময়ত ৱাৰ্ডেন নথকাৰো অভিযোগ উঠাৰ লগতে কলেজীয়া ছাত্ৰক ৱাৰ্ডেন হিচাপে ব্যৱহাৰ কৰি অহাৰো তথ্য পোৱা গৈছে। পূৰ্বেও বিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। এইক্ষেত্ৰত শিক্ষা বিভাগ তথা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে চেইন্ট জেমছ স্কুলখনৰ বিৰুদ্ধে কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। উল্লেখ যে শিশু ছাত্ৰজনে বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন অত্যাচাৰ কৰি অহাত অতিষ্ঠ হৈ এইদৰে পলায়ন কৰিছিল বুলি জানিবলৈ দিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like