নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : অসমীয়া যুৱকে পথাৰ আমাৰ, বজাৰ আমাৰ লক্ষ্যৰে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি আহিব লাগিব । যদি আমি খেতিৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আগুৱাই নাহোঁ তেতিয়া হ’লে এদিন অসমীয়া জাতি ধ্বংস হ’ব।- জাগীৰোডৰ মনহা গাঁও পঞ্চায়ত অনুষ্ঠিত সভাত এনেদৰে উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। তদুপৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে এতিয়া মথাউৰি নিৰ্মাণ কৰি বানপানীৰ সমস্যা হ্ৰাস কৰা হৈছে লগতে খেতি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে আজি জাগীৰোড সমষ্টিৰ অন্তৰ্গত মনহা গাঁও পঞ্চায়ত সভাগৃহত অনুষ্ঠিত সভাখনতেই মন্ত্ৰী হাজৰিকাই মৰিগাঁও-লাহৰিঘাট-জাগীৰোড সংমণ্ডল (জলসিঞ্চন)ৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা “হৰ খেত কো পানী” (পৰ্য্যায়-২) আঁচনিৰ শুভ উদ্বোধন কৰে। আনহাতে এই আঁচনিখনৰ জৰিয়তে মৰিগাঁও জিলাত ১৪০ টা জলসিঞ্চনৰ বাবে টিউবেল প্ৰদান কৰা হ’ব আৰু প্ৰতিটো টিউববেলে ৩০ বিঘাকৈ খেতি মাটি সামৰি ল’ব। সভাখনত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জলসিঞ্চন বিভাগৰ মৰিগাওঁ জিলাৰ কাৰ্যবাহী অভিযন্তা বেদান্ত বৰুৱা, মনহা গাঁও পঞ্চায়তৰ সভানেত্ৰী জিনামণি ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like