🔹 শিলেৰে মৰিয়াই হত্যা কনিষ্ঠ ভাতৃক
বিশেষ বাৰ্তা, ৬ আগষ্ট : মহানগৰীৰ মঠঘৰীয়াত সহোদৰ ভাতৃয়ে কনিষ্ঠ ভাতৃক শিলেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে। হত্যাৰ বলি হোৱা যুৱকজন হৈছে সুনীল ৰায় (২৮)। হত্যাকাৰী জ্যেষ্ঠ ভাতৃজন হৈছে হীৰালাল ৰায়। শনিবাৰে নিশা অত্যধিক সুৰাপান কৰি হীৰালাল ৰায়ে ধনৰ লেনদেনক লৈ কনিষ্ঠ ভাতৃ সুনীলৰ লগত বাকবিতণ্ডাত লিপ্ত হয়। ইয়াতে অগ্নিশর্মা হৈ হীৰালাল ৰায়ে কনিষ্ঠ ভাতৃক শিলেৰে উপৰ্যুপৰি আক্ৰমণ কৰে। শিলৰ আক্রমণত মাটিত ঢলি পৰা সুনীলক ওচৰত থকা ছুৰীৰে হীৰালালে মুখমণ্ডল-পেট-বুকুত উপৰ্যুপৰি আক্রমণ কৰে। তেজেৰে লুতুৰি-পুতুৰি হোৱা সুনীলক পৰিয়ালৰ লোকে লগে লগে ৰাইজৰ সহযোগত GMCH লৈ নিয়ে। হাস্পতালত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি সুনীলক মৃত বুলি ঘোষণা কৰে। হত্যাকাণ্ড সংঘাটিত কৰি জ্যেষ্ঠ ভাতৃ হীৰালাল ৰায়ে আত্মগোপন কৰি আছে। উল্লেখ্য যে হীৰালাল ৰায়ক পূৰ্বতে গাঞ্জা ব্যৱসায় কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হত্যাকাৰী হীৰালাল ৰায়ক বিচাৰি নুনমাটি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে যদিও এতিয়ালৈ হত্যাকাৰীৰ কোনো সম্ভেদ পোৱা নাই।