নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন কাৰ্যসূচীৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অমৃতকাল

বিশেষ বাৰ্তা, ৬ আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আৰম্ভ হ’ব অমৃতকাল। আন বছৰতকৈ পৃথকভাৱে উদযাপন কৰা হ’ব অমৃতকাল। সেই অনুসৰি ৮ আগষ্টত পঞ্চায়ত গাঁৱত শ্বহীদ জোৱানসকলক স্মৰণ কৰি ফলকত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হ’ব। একেদৰে মুক্তিযোদ্ধাসকলকো জনোৱা হ’ব সন্মান। ৯-১৪ আগষ্টত ৭৫টা গছপুলি ৰোপণ কৰা হ’ব। তদুপৰি ১৪ আগষ্টত বিভাজন বিভীষিকা দিৱসেৰে গাঁৱে গাঁৱে সভা অনুষ্ঠিত হ’ব। ভাৰত যেন পুনৰ বিভাজন নহয়, সেই উদ্দেশ্যে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অমৃতকালৰ কাৰ্যসূচী অনুসৰি প্ৰতিখন গাঁৱৰ মাটি প্ৰভাতফেৰীৰ জৰিয়তে হাতে হাতে আনি পঞ্চায়ত কাৰ্যালয়ত একলগ কৰা হ’ব। পিছত কলহত অনা হ’ব মাটি, ২১৯টা ব্লক, ৫০টা ৱাৰ্ডে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত। ২টা কলহৰ ১টা কলহ ৰাজ্য চৰকাৰে ৰাখিব। ১টা কলহ লৈ দিল্লীলৈ যাব NCC বা NSS অথবা গীনিজ বুক অৱ ৰেকৰ্ডত অংশগ্ৰহণ কৰা যুৱকে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে কৰ্তব্য পথত অনুষ্ঠিত কৰিব এখন বিশেষ সভা। নতুন দিল্লীত নিৰ্মাণ হৈ থকা পাৰ্কত ব্যৱহাৰ হ’ব এই মাটি। অসম চৰকাৰে কনকলতা বৰুৱাৰ নামত নিৰ্মীয়মাণ বিশ্ববিদ্যালয়ত ১টা কলহৰ মাটি ব্যৱহাৰ কৰিব। তদুপৰি দীঘলীপুখুৰীৰ চাৰিওকাষে অসম আৰক্ষীয়ে বিশেষ কাৰ্যসূচী ল’ব।

You might also like