নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অব্যাহত আছে লুইতৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ। যোৱা কিছুদিন ধৰি ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁও আৰু বৰহলৌকান্দাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া। এই গৰাখহনীয়াত শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি লুইতত জাহ গৈছে। ইয়াৰ উপৰি এই বিধ্বংসী খহনীয়াত বৰহলৌকান্দা জামে মছজিদ আৰু এটা অংগনৱাড়ী কেন্দ্ৰ লুইতত বিলীন হৈছে। আজিও এই দুয়োটা অঞ্চলত চপৰা চপৰে খহিছে লুইতৰ গৰা।গৰাখহনীয়াত দৈনিক গৃহহীন হৈছে ১০-১৫ টাকৈ পৰিয়াল। কেইদিনমান পূৰ্বে স্হানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জিলা জলসম্পদ বিভাগক গৰাখহনীয়া তৎকালীনভাৱে প্ৰতিৰোধৰ বাবে নিৰ্দেশ দিছিল। তাৰ পিছদিনাৰ পৰা টেঙাগুৰি কছাৰী গাঁৱত জিলা জলসম্পদ বিভাগে দুখন ইঞ্জিনচালিত নাৱেৰে বালি আনি জিঅ বেগত ভৰাই পেলাই আছে যদিও গৰাখহনীয়া অধিক বৃদ্ধি পোৱা বুলি নৈপৰীয়া ৰাইজে জানিব দিয়ে। জিলা জলসম্পদ বিভাগে অঞ্চল দুটাত গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি নৈপৰীয়া ৰাইজে অভিযোগ তুলিছে। অধিক তৎপৰতাৰে কাম কৰিবলৈ নৈপৰীয়া ৰাইজে দাবী জনাইছে।
প্ৰেৰক আবুল কালাম